ৰাজ্যত একেদিনাই গ্ৰেপ্তাৰ ১২ টা মাটিৰ দালাল
সাৰি নাযাব মাটিৰ দালাল । ৰাজ্যত পুনৰ দালালৰ বিৰুদ্ধে অভিযান । একে দিনাই ১২ টাকৈ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্যত নাথাকিব এজনো দালাল। তাৰ পাছতে অসম আৰক্ষীৰ তীব্ৰ অভিযান চলিছিল।
পুনৰবাৰ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান মহানগৰ আৰক্ষীৰ। এইবাৰ গড়চুক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ১২ টাকৈ মাটিৰ দালালক। পামহিৰ মাটি দখল কৰা অভিযোগত গ্ৰেপ্তাৰ কৰে দালাল কেইটাক। মাটিৰ গৰাকী সুৰেশ গুৱেলৰ এজাহাৰৰ ভিত্তিত অভিযান চলাই গড়চুক আৰক্ষীয়ে।পামহীৰ প্ৰায় ৪ বিঘাকৈ মাটি দখল কৰিছিল দালাল কেইটাই! আৰক্ষীৰ সূত্ৰ মতে মণিৰাম কলিতাৰ নেতৃত্বত দখল কৰিছিল প্ৰায় ৪ বিঘাকৈ মাটি! গ্ৰেপ্তাৰ কৰা দালাল কেইটা ক্ৰমে ৰাজু বসুমতাৰী,নিটু বসুমতাৰী , চুচমা গয়াৰী , জাকৰেছ মোচাহাৰী , ৰাজু দেউৰী , বিৰফাং বড়ো , ৰঞ্জিত মোচাহাৰী , দীপক বড়ো , অনুষমা লাহাৰী , ৰোনেন বড়ো , দাঁতচাং গয়াৰী আৰু তামিৰ বড়ো।আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।