ISHAN NEWS – Always One Step Ahead of Time…

নিজৰ শৰীৰৰ ছাল কাটি মাতৃৰ বাবে চেণ্ডেল বনালে পুত্ৰই! কলিকালৰ শ্ৰৱণ কুমাৰৰ কাহিনী এয়া

0 783

পুত্ৰ-কন্যাৰ অৱহেলা, অত্যাচাৰৰ বলি হৈ বৃদ্ধাশ্ৰমত দিন কটাইছে একাংশ পিতৃ-মাতৃয়ে। এনেধৰণৰ খবৰৰ মাজতে পোহৰলৈ আহিছে বুকু কঁপাই এটা ঘটনা।

নিজৰ উৰুৰ ছাল কাটি এজন পুত্ৰই মাতৃৰ বাবে বনালে চৰণ পাদুকা। প্ৰথমে এখন ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৰৌণক গুৰ্জাৰ নামৰ যুৱকজনে। তাৰ পাছত মুচীৰ সহায়ত উৰুৰ ছালৰ পৰা মাতৃৰ বাবে বনালে চৰণ পাদুকা। নিজৰ ঘৰত আয়োজন কৰা ভাগৱত কথাৰ সময়ত এই বিশেষ চেণ্ডেলযোৰ যুৱকজনে উপহাৰ দিলে মাতৃক। ৰৌণকৰ ত্যাগ আৰু ভক্তি দেখি হুকহুকাই কান্দি উঠিল মাতৃ। মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে এসময়ত দুৰ্ধৰ্ষ অপৰাধী আছিল ৰৌণক। ৰৌণকৰ বিৰুদ্ধে ৰুজু হৈ আছিল ৩৭টা অপৰাধমূলক গোচৰ। ২০১৯ চনত আৰক্ষীয়ে এনকাউণ্টাৰো কৰিছিল ৰৌণকক। পলাবলৈ লওঁতে ৰৌণকৰ ভৰিত গুলীয়াইছিল আৰক্ষীয়ে। যাৰ ফলত কেইবাদিনো ধৰি ভালকৈ খোজ কাঢ়িব পৰা নাছিল ৰৌণকে। সেইসময়তে ৰামায়ণ পঢ়ি দিন অতিবাহিত কৰিছিল যুৱকজনে। ইয়ে যুৱকজনৰ বাবে আছিল টাৰ্ণিং পইণ্ট। ৰামায়ণ পঢ়াৰ পাছতেই ৰৌণকে বুজিলে মাতৃৰ মৰম কি। মাতৃৰ বাবে কিবা এটাৰ কৰাৰ ইচ্চা জাগিছিল ৰৌণকৰ। ৰামায়ণৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজৰ শৰীৰৰ চালেৰে মাতৃৰ বাবে চৰণ পাদুকা প্ৰস্তুত কৰাৰ সিদ্ধান্ত লয় যুৱকজনে। নিজ ঘৰত আয়োজিত ভাগৱত কথাৰ সময়ত সকলো ভক্তৰ উপস্থিতিত নিজ হাতেৰে ৰৌণকে মাতৃলৈ আগবঢ়ালে সেই বিশেষ চেণ্ডেলযোৰ। দৃশ্য দেখি সকলোৱে কলিকালৰ শ্ৰৱণ কুমাৰ আখ্যা দিছে ৰৌণকক। সম্প্ৰতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে ৰৌণকৰ এই কাহিনীয়ে।

Leave A Reply

Your email address will not be published.