ISHAN NEWS – Always One Step Ahead of Time…

ব্যৰ্থ হ’ব শত্ৰু দেশৰ সকলো ষড়যন্ত্ৰ! আকাশত উৰা মাৰিলে ভাৰতৰ পুষ্পক বিমান

0 321

ব্যৰ্থ হ’ব শত্ৰু দেশৰ সকলো ষড়যন্ত্ৰ! ভাৰতৰ পুষ্পক বিমানে ৰুধিব শত্ৰুক! শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন (আৰএলভি লেক্স-02)ৰ অৱতৰণ সফলতাৰে সম্পন্ন কৰিছে। থলুৱাভাৱে নিৰ্মাণ কৰা এই পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহনৰ নাম ৰখা হৈছে পুষ্পক বিমান। পুৱা প্ৰায় ৭.১০ বজাত কৰ্ণাটকৰ চিত্ৰদুৰ্গাৰ এৰোনটিকেল টেষ্ট ৰেঞ্জত ৪.৫ কিলোমিটাৰ উচ্চতাৰ পৰা পুষ্পকৰ ২য়টো সফল অৱতৰণ কৰোৱা হয়।

কি কি বিশেষত্ব আছে এই পুষ্পক বিমানৰ

পুষ্পক বিমানৰ সফল অৱতৰণেৰে মহাকাশ আস্থান নিৰ্মাণৰ দিশে আৰু এখোঁজ আগবাঢ়িল ভাৰত। মহাকাশ আস্থান নিৰ্মাণত বিশেষভাৱে সহায়ক হব এই পুষ্পক ৰি-ইউজেৱল ভেহিকেল। ইয়াৰ জৰিয়তে ইছৰোৱে উপগ্ৰহসমূহ উৎক্ষেপণ কৰিব পাৰি। উপগ্ৰহটো মহাকাশত এৰি পুনৰ উভতি আহিব এই ৰি-ইউজেৱল ভেহিকেল। ইয়াৰ জৰিয়তে যিকোনো দেশৰ ওপৰত চোৰাংচোৱাও কৰিব পৰা যাব। আনকি আক্ৰমণতো সহায়ক হব এই বিমান। ই মহাকাশত শত্ৰুৰ উপগ্ৰহ ধ্বংস কৰিব পাৰে। এইটো এটা স্বয়ংক্ৰিয় পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন। উল্লেখ্য যে পুষ্পক বিমানখন ৬.৫ মিটাৰ দীঘল আৰু ওজন ১.৭৫ টন। এই প্ৰকল্পটোত চৰকাৰে প্ৰায় ১০০ কোটিৰো অধিক টকা বিনিয়োগ কৰিছে।

ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০২৩ চনত আৰএলভিৰ অৱতৰণ পৰীক্ষা কৰা হৈছিল। ২০২৩ চনৰ ২ এপ্ৰিলত ইছৰো, ডিআৰডিঅ’ আৰু আইএএফে কৰ্ণাটকৰ চিত্ৰদুৰ্গাত পুষ্পক বিমানৰ যুটীয়াভাৱে পৰীক্ষা কৰিছিল। এই বছৰৰ পুষ্পক বিমানখন পূৰ্বৰ আৰএলভি-টিডিতকৈ প্ৰায় ১.৬ গুণ ডাঙৰ। ই আৰএলভি-টিডিতকৈ অধিক ওজনৰ সৈতে অৱতৰণ কৰিব পাৰে। ইছৰোৰ মতে, এই প্ৰযুক্তিৰে ৰকেট উৎক্ষেপণ পূৰ্বতকৈ অধিক সস্তা হ’ব। মহাকাশলৈ সঁজুলি বিতৰণৰ ব্যয়ো হ্ৰাস হব বুলি ইছৰোৱে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.