সন্মুখত নিৰ্বাচন, মৰিয়নীত বিস্কুটৰ পেকেটত উদ্ধাৰ লাখে লাখে টকা
সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ এই প্ৰাকক্ষণত মৰিয়নীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। মৰিয়নীৰ N.S.T তিনিআলিত ফ্লাইং স্বোৱাডৰ দলে জব্দ কৰিবলৈ সক্ষম হয় এই লক্ষাধিক টকা । উল্লেখ্য যে নিৰ্বাচনী বিধি উলংঘা কৰি নাগালেণ্ডৰ পৰা মৰিয়নীলৈ এখন ইক’ বাহনেৰে কঢ়িয়াই আনিছিল এই বুজন পৰিমাণৰ টকাসমূহ।
বাহনখনৰ নম্বৰ হৈছে ASO1FE 2270 । আৰক্ষীয়ে জনোৱা মতে, উক্ত টকাসমূহ আছিল বিস্কুটৰ পেকেটৰ ভিতৰত। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নাগালেণ্ডৰ পৰা টকা সৰবৰাহ কৰা যুৱককেইজনক।
কিন্তু লক্ষ্যণীয় বিষয় এই যে টকাখিনি ক’ৰ পৰা কি উদ্দেশ্যৰে আনিছিল তাৰ নথিপত্ৰ দাখিল কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে আটকাধীন যুৱককেইজন ।
জানিব পৰা মতে, সৰ্বমুঠ ২৭,৭৮,৩১০ টকা জব্দ কৰিছে নিৰ্বাচনী দলটোৱে । নিৰ্বাচনী বিধি প্ৰযোজ্য হোৱাৰ পিছতো যোৰহাট জিলাত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্য ।