ISHAN NEWS – Always One Step Ahead of Time…

দুৰ্ঘটনাৰ বাবে IPL-ৰ পৰা বাহিৰ হ’ল ৩.৬০ কোটি টকাত চুক্তিবদ্ধ হোৱা এইগৰাকী ক্ৰিকেটাৰ

0 2,489

শুকুৰবাৰৰ পৰা আৰম্ভ হ’ল আই পি এল। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ খেলেৰে আৰম্ভ হ’ল আই পি এলৰ ১৭ সংখ্যাক ছিজন।
কিন্তু আই পি এল আৰম্ভ হোৱাৰ সময়তে গুজৰাট টাইটানছ শিৱিৰৰ বাবে আহিছে এটা বেয়া খবৰ। আঘাতৰ বাবে আই পি এলৰ এই ছিজনৰ পৰা বাহিৰ হৈছে প্ৰতিভাৱান বেটছমেন ৰবিন মিঞ্জ।
এই বেটছমেনগৰাকীৰ ঠাইত দলে বি আৰ শপথক অন্তৰ্ভুক্ত কৰিছে।
উল্লেখ্য যে, যোৱা বছৰ অনুষ্ঠিত হোৱা নিলামত গুজৰাট টাইটানছ দলে ৩.৬০ কোটি টকাত ক্ৰয় কৰিছিল যুৱ উইকেটকীপাৰ-বেটছমেন মিঞ্জক। ইয়াৰ লগে লগে তেওঁ আই পি এলত অংশ ল’বলগীয়া প্ৰথমজন জনজাতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
কিন্তু দুৰ্ভাগ্যজনক কথা এয়াই যে চলিত মাহৰ আৰম্ভণিতে হোৱা এক বাইখ দুৰ্ঘটনাত আহত হয় মিঞ্জ। অৱশ্যে পৰিয়ালৰ লোকে তেওঁৰ এই আঘাত গুৰুতৰ নহয় বুলি উল্লেখ কৰিছিল যদিও গুজৰাট টাইটানছে ক্ৰিকেটাৰগৰাকীক লৈ কোনো ৰিস্ক ল’ব বিচৰা নাই।
ইফালে মিঞ্জৰ ঠাইত দলে অন্তৰ্ভুক্ত কৰা শৰথো এগৰাকী উইকেটকীপাৰ বেটছমেন। ঘৰুৱা ক্ৰিকেটত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰা শৰথে ২০ লাখ টকাতেই গুজৰাটত চুক্তিবদ্ধ হয়।

Leave A Reply

Your email address will not be published.