জেইলৰ ভিতৰৰ পৰাই দিল্লী জল বিভাগৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা অৰবিন্দ কেজৰিৱালৰ
প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে জেইলৰ ভিতৰৰ পৰাই জল বিভাগৰ বাবে জাৰি কৰিছে প্ৰথম চৰকাৰী নিৰ্দেশনা।
এই নিৰ্দেশ দিল্লীৰ জলমন্ত্ৰী আতিশীয়ে সংবাদমেলযোগে পাঠ কৰে। জেইলৰ ভিতৰত থাকিও মুখ্যমন্ত্ৰী কেজৰিৱাল দিল্লীৰ জনসাধাৰণৰ বাবে চিন্তিত বুলি উল্লেখ কৰে আতিশী মাৰ্লেনাই।
দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাই কয়, ‘অৰবিন্দ কেজৰিৱালৰ বাবে দিল্লীৰ জনসাধাৰণ কেৱল তেওঁৰ ভোটাৰ নহয়, তেওঁ দিল্লীৰ জনসাধাৰণক নিজৰ পৰিয়ালৰ দৰেই গণ্য কৰে। এই কাৰণৰ বাবেই তেওঁ ইমান কঠিন পৰিস্থিতিৰ মাজতো নিজৰ পৰিয়াল অৰ্থাৎ দিল্লীৰ জনসাধাৰণৰ কথা চিন্তা কৰিছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন নোটৰ জৰিয়তে দিল্লী চৰকাৰৰ জল বিভাগলৈ এক নিৰ্দেশ জাৰি কৰিছে। দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে সংবাদমেলত এই নিৰ্দেশ পাঠ কৰিছিল। কেজৰিৱাল চৰকাৰত তেওঁলোকৰ কোনো কাম বন্ধ নহয় বুলি তেওঁ দিল্লীবাসীক আশ্বাস দিয়ে।
আতিশীয়ে পাঠ কৰা নিৰ্দেশনা অনুসৰি কেজৰিৱালে জেইলৰ পৰা লিখিছে যে মই জানিব পাৰিছো যে দিল্লী কিছু কিছু অঞ্চলত পানী আৰু নলাৰ সমস্যাই দেখা দিছে, মই এই বিষয়ত চিন্তিত। গ্ৰীষ্মকালো আহি আছে…য’ত পানীৰ নাটনি হয় বা হৈছে, তাতে পানীৰ টেংকাৰৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰক। যাতে জনসাধাৰণে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ৰাইজৰ সমস্যাৰ তাৎক্ষণিক আৰু উপযুক্ত সমাধান হ’ব লাগে।
উল্লেখ্য যে, দিল্লী সুৰা কেলংকাৰীৰ গোচৰত যোৱা ২১ মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। গ্ৰেপ্তাৰৰ পিছতে কেজৰিৱালক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁক ২৮ মাৰ্চলৈ ইডিৰ তিম্মালৈ প্ৰেৰণ কৰে।