মুম্বাই ইণ্ডিয়ানছৰ বাবে বেয়া খবৰ; দ্বিতীয়খন মেচৰ পৰাও বাহিৰ এইগৰাকী বিস্ফোৰক বেটছমেন
বুধবাৰে আই পি এল ২০২৪ ছিজনৰ অষ্টমখন মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন।
হাইভল্টেজ এই মেচখনৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ বাবে আহিছে বেয়া খবৰ। সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই দলটোৰ আক্ৰমণাত্মক বেটাৰ সূৰ্যকুমাৰ যাদৱ। সেয়ে তেওঁ বুধবাৰে হ’বলগীয়া মেচখনৰ পৰাও বাহিৰ হোৱাৰ আশংকা কৰা হৈছে।
স্প’ৰ্টছ টকৰ এক প্ৰতিবেদন অনুসৰি এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই সূৰ্যকুমাৰ যাদৱ। আই পি এল খেলিবলৈ ক্ৰিকেটাৰগৰাকীয়ে নেশ্যনেল ক্ৰিকেট একাডেমি চমুকৈ এন চি এৰ তৰফৰ পৰা এতিয়াও ফিটনেছ ক্লিয়াৰেন্স পোৱা নাই।
আঘাতৰ বাবেই তেওঁ গুজৰাট টাইটানছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ছিজনৰ প্ৰথমখন মেচত অংশ ল’ব পৰা নাছিল। এই মেচখনত গুজৰাটৰ হাতত ৬ ৰানত পৰাস্ত হৈছিল মুম্বাই।
উল্লেখ্য যে, সূৰ্যকুমাৰ যাদৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত টিম ইণ্ডিয়াৰ টি-২০ দলৰ অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই শৃংখলাটোৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল সূৰ্যকুমাৰ। তেওঁ ভৰিৰ গোৰোহাত আঘাত পাইছিল।
আঘাতৰ বাবেই তেওঁ খেলিব পৰা নাছিল আফগানিস্তানৰ বিৰুদ্ধেও। জাৰ্মানীত অস্ত্ৰোপচাৰ কৰাৰ পিছত ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে যদিও এন চি এৰ অনুমোদন পালেহে আইপিএলত খেলা দেখা যাব যাদৱক।
ইয়াৰ পূৰ্বে ১৯ মাৰ্চত সূৰ্যৰ ফিটনেছ টেষ্ট কৰা হৈছিল।