ISHAN NEWS – Always One Step Ahead of Time…

প্ৰাক্তন IIT মাদ্ৰাজ গ্ৰেজুৱেট হ’ল মাইক্ৰচফ্টৰ নতুন মুৰব্বী

0 164

IIT মাদ্ৰাজত শিক্ষা গ্ৰহণ কৰা ভাৰতীয় পৱন দাৱুলুৰিক মাইক্ৰচফ্টে প্ৰদান কৰিছে গধুৰ দায়িত্ব।মাইক্ৰচফ্টৰ ২৩ বছৰৰ অভিজ্ঞতাৰ পিছত এই দায়িত্ব  লাভ পৱন দাৱুলুৰিৰ।বিগ টেক কোম্পানীত নেতৃত্বৰ ভূমিকা লাভ কৰা শেহতীয়া ভাৰতীয় পৱন‌ দাৱুলুৰি।IIT মাদ্ৰাজত শিক্ষা গ্ৰহণ কৰা ভাৰতীয় পৱন দাৱুলুৰিক মাইক্ৰচফ্টে প্ৰদান কৰিছে গধুৰ দায়িত্ব।

মাইক্ৰচফ্টৰ উইণ্ডজ আৰু চাৰ্ফেছৰ নতুন মুৰব্বী হ’ল পৱন।দীৰ্ঘদিনীয়া মুৰব্বী পানোছ পানাইৰ পদত্যাগৰ পিছতে পৱনে লাভ কৰে দায়িত্ব।যোৱা বৰ্ষত আমাজন কোম্পানীত যোগদান কৰাৰ বাবে মাইক্ৰচফ্ট এৰিছিল পানায়ে।ইয়াৰ পূৰ্বে পৱনে surface চিলিকনৰ তদাৰক কৰিছিল যিসময়ত মাইক্ৰচফ্টৰ নেতৃত্ব দিছিল মিখাইল পাৰাখিনে।পাৰাখিন আৰু পানাইৰ পদত্যাগৰ পিছতে দায়িত্বভাৰ লয় পৱনে।

মাইক্ৰচফ্টৰ অভিজ্ঞতা আৰু ডিভাইচৰ মুৰব্বী ৰাজেশ ঝাৰ মতে,এই সিদ্ধান্তই সংগঠনটোক AI যুগত ইয়াৰ সজুঁলি আৰু অভিজ্ঞতা গোটোৱাৰ বাবে সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰিব।ঝাৰ মতে উইণ্ডোজ দলে AI,চিলিকন আৰু অভিজ্ঞতাত মাইক্ৰচফ্ট AI দলৰ সৈতে ঘনিষ্ঠ ভাৱে কাম‌ কৰি যাব।পৱন দাৱুলুৰিৰ নেতৃত্বৰে এই গোটে মাইক্ৰচফ্ট AI ক বিশ্বমানৰ উপভোক্তা AI সামগ্ৰী নিৰ্মাণৰ সাহসী পদক্ষেপত সহায় কৰাৰ বাবে উৎসাহী।

এই মন্তব্য কৰে ৰাজেশ ঝাই । IIT ৰ পিছতে আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰ্ছিটিৰ পৰা মাষ্টাৰ অৱ চায়ন্সৰ ডিগ্ৰী লৈছিল পৱনে।আৰম্ভণিৰে পৰা ২৩ টা বছৰ মাইক্ৰচফ্টৰ বিভিন্ন পদত কাম আহিল তেওঁ।পৱন দাৱুলুৰি বৰ্তমান সীমিত সংখ্যক ভাৰতীয়ৰ নামৰ তালিকাত অন্তৰ্ভূক্ত যিয়ে কোনো ডাঙৰ আমেৰিকান কোম্পানীৰ নেতৃত্বত জড়িত হৈ আছে।

Leave A Reply

Your email address will not be published.