বিগ বছ বিজয়ী মুনাৱৰ ফাৰুকীক আটক মুম্বাই আৰক্ষীৰ
জনপ্ৰিয় কমেডিয়ান তথা বিগ বছ আৰু লকআপৰ দৰে প্ৰখ্যাত ৰিয়েলিটি শ্ব’ৰ বিজয়ী মুনাৱৰ ফাৰুকীসহ কেইবাজনো লোকক মঙলবাৰে গভীৰ নিশা মুম্বাই আৰক্ষীয়ে আটক কৰে।
মুম্বাই ফ’ৰ্ট এলেকাৰ এখন হুক্কা পাৰ্লাৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এই লোক কেইজনক।
এই অভিযানৰ সময়ত আৰক্ষীয়ে ১৪ জন লোকক আটক কৰিছিল, য’ত মুনাৱৰ ফাৰুকীও আছিল। আৰক্ষীয়ে মুনাৱৰ ফাৰুকীক সোধা-পোছাৰ অন্তত জাননী দি মুকলি কৰি দিয়ে। কাৰণ এয়া জামিনযোগ্য অপৰাধ আছিল।
সম্প্ৰতি সমগ্ৰ বিষয়টোৰ তদন্তত ব্যস্ত মুম্বাই আৰক্ষী।
মুক্তিৰ পিছত মুনাৱৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত এখন চেলফি শ্বেয়াৰ কৰে, য’ত তেওঁ চহৰৰ বাহিৰলৈ যোৱাৰ কথা কয়।
উল্লেখ্য যে, হুক্কা পাৰ্লাৰখনত নিচাজাতীয় দ্ৰব্য সেৱনৰ তথ্য লাভৰ পিছতেই আৰক্ষীয়ে নিশা প্ৰায় ১০.৩০ বজাত অভিযান চলাই আৰু ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰে।
মুনাৱৰৰ লগতে আৰক্ষীয়ে আটক কৰা আন ১৩ জনক সোধা পোছাৰ অন্তত মুকলি কৰি দিয়ে। অৱশ্যে সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
অভিযানৰ সময়ত আৰক্ষীয়ে নগদ ৪,৪০০ টকা আৰু ১৩,৫০০ টকাৰ নটা হুক্কা পাত্ৰ জব্দ কৰে বুলি জানিব পৰা গৈছে।