৫ গৰাকী মনীষীলৈ ভাৰতৰত্ন সন্মান ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ
আজি দেশৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰীচৰণ সিং আৰু পি ভি নৰসিংহ ৰাও, কৃষি বিজ্ঞানী এম এছ স্বামীনাথন, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ভাৰত ৰত্ন।
দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন গৃহমন্ত্ৰী লাল কৃষ্ণ আদৱানীলৈও আগবঢ়োৱা হয় ভাৰত ৰত্ন সন্মান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে মৰণোত্তৰভাৱে আগবঢ়োৱা ভাৰত ৰত্ন বঁটাপ্ৰাপকৰ পৰিয়ালবৰ্গক প্ৰদান কৰে।
অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু বিশিষ্ট ব্যক্তি। দেশত এতিয়া ভাৰত ৰত্ন লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছেগৈ সৰ্বমুঠ ৫৩ গৰাকী।