ISHAN NEWS – Always One Step Ahead of Time…

মানুহৰ ছালেৰে বন্ধোৱা এখন কিতাপ; বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হাৰ্ভাৰ্ডৰ

0 154

হাৰ্ভাৰ্ডত দেখিবলৈ পোৱা গ’ল এক আজৱ কাণ্ড। মানুহৰ গাৰ ছালেৰে বন্ধোৱা আছিল এখন কিতাপ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এই অস্বাভাৱিক বাইণ্ডিংটো কেনেকৈ আঁতৰাব সেয়া সদৰী কৰিছে।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে নিজৰ পুথিভঁৰালত ৰখা ১৯ শতিকাৰ এখন কিতাপৰ পৰা মানুহৰ ছালৰ বান্ধোন আঁতৰাই পেলাইছে।

ডেছ ডেষ্টিনিছ অৱ দ্য ছ’ল(Destinies of the Soul) কিতাপখন ১৯৩০ চনৰ পৰাই হাউটন পুথিভঁৰালত ৰখা আছে। কিন্ত ২০১৪ চনত বিজ্ঞানীসকলে নিশ্চিত কৰিছিল যে কিতাপখন আচলতে মানুহৰ ছালেৰে বন্ধোৱা হৈছিল।

জানিব পৰা মতে, এই কিতাপখন ৯০ বছৰতকৈও অধিক সময় বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত ৰখা হৈছিল। ১৮৮০ চনত অৰ্চিন হুছে আত্মা আৰু মৃত্যুৰ পিছৰ জীৱনক লৈ মেডিটেশ্যন গ্ৰন্থ ‘ডেছ ডেষ্টিনিছ অৱ দ্য ছ’ল’ লিখিছিল। তেওঁ এই কিতাপখন মানুহৰ ছালেৰে বন্ধাই থৈছিল।

স্বাভাৱিক কাৰণত মৃত্যু হোৱা এগৰাকী মহিলা ৰোগীৰ ছালেৰে বন্ধাই থোৱা আছিল কিতাপখন। সেই মহিলাগৰাকীৰ বাবে কিন্তু কোনো দায়ী নাছিল।

কিতাপ মানুহৰ ছালেৰে বন্ধোৱাটো ষোড়শ শতিকাৰ পৰাই প্ৰচলন হৈ আহিছে। যদি কোনোবাই অপৰাধ কৰিছিল তেতিয়া সেইটো তেওঁৰ ছালত লিখি দিয়া হৈছিল। বহু সময়ত কোনো ব্যক্তিয়ে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ছালেৰে কিতাপৰ কভাৰ এটা বনাবলৈ আত্মীয়ক অনুৰোধ কৰিছিল।

যোৱা বুধবাৰে বিশ্ববিদ্যালয়খনে কয় যে ‘সতৰ্কতাৰে অধ্যয়ন অংশীদাৰসকলৰ বিচাৰ আৰু বিবেচনা’ৰ পিছত ইয়াৰ মানুহৰ ছালৰ বাইণ্ডিং আঁতৰাই পেলাব আৰু ‘এই মানৱ অৱশিষ্টৰ চূড়ান্ত মৰ্যাদাপূৰ্ণ সৎকাৰ কৰিবলৈ’ কৰ্তৃপক্ষৰ সৈতে কাম কৰিব।

Leave A Reply

Your email address will not be published.