ISHAN NEWS – Always One Step Ahead of Time…

তাচপাতৰ দৰে খহিল অট্টালিকা। ৭.২ প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্প।

0 922

প্ৰচণ্ড ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল বৃহত্ বৃহত্ অট্টালিকা। ৭.২ প্ৰাৱল্যৰ ভূমিকম্পই কঁপাই গল টাইৱান। আজি পুৱতি নিশা অহা এই  শক্তিশালী ভূমিকম্পত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জন লোক আহত হয়। ধ্বংসস্তুপৰ মাজত অধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। হুৱালিন চহৰৰ পৰা ১৮ কিলোমিটাৰ দূৰৈত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পৰৰ পাছতেই ব্যাহত হয় বিদ্যুত্ সেৱা । ৯১ হাজাৰ ঘৰত বিদ্যুত্ সেৱা বিচ্ছিন্ন। বন্ধ কৰি দিয়া হৈছে ৰেলৰ চলাচল। ভূমিকম্পৰ পাছতেই কেইবাটাও স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।  

জাপান আৰু ফিলিপিন্সত অনুভূত হয় জোকাৰণি। ভূমিকম্পৰ পাছতে জাপানে ওকিনাৱাৰ দক্ষিণ দ্বীপ গোটত চুনামি সতৰ্কবাণী জাৰি কৰিছে। ফিলিপাইনেও চুনামিৰ সতৰ্কতা জাৰি কৰি উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ নিৰ্দেশ দিছে।

Leave A Reply

Your email address will not be published.