মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ; উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ
উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন সন্দৰ্ভত শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ডাঙৰ সিদ্ধান্ত লৈছে। সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ১৬০০০খন মাদ্ৰাছাৰ ১৭ লাখ ছাত্ৰ-ছাত্ৰীক ডাঙৰ সকাহ প্ৰদান কৰিছে।
আদালতৰ নিৰ্দেশ অনুসৰি বৰ্তমান ২০০৪ চনৰ আইন অনুসৰি মাদ্ৰাছাসমূহত পাঠদান বা শিক্ষা অব্যাহত থাকিব।
উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। উচ্চতম ন্যায়ালয়ে কয় যে এলাহাবাদ উচ্চ ন্যায়ালয় প্ৰাইমা ফেচি সঠিক নহয়। এইটো ধৰ্মনিৰপেক্ষতাৰ উলংঘা বুলি কোৱাটো শুদ্ধ নহয়। উচ্চ ন্যায়ালয়ত উত্তৰ প্ৰদেশ চৰকাৰে নিজেই এই আইনখনৰ পক্ষ লৈছিল। ২০০৪ চনৰ আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে এই বিষয়ত চৰকাৰৰ লগতে আন লোকলৈ জাননী জাৰি কৰিছে। আদালতে উত্তৰ প্ৰদেশ আৰু কেন্দ্ৰীয় চৰকাৰক ৩১ মে’ৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কয়।
জুলাই মাহৰ দ্বিতীয় সপ্তাহত বিষয়টোৰ শুনানি গ্ৰহণ কৰা হ’ব আৰু তেতিয়ালৈকে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰখা হ’ব।