ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ ভয়াৱহ ড্ৰোন আক্ৰমণ; ৬ গৰাকী লোকৰ মৃত্যু
শাম কটাৰ নাম লোৱা নাই ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। শেহতীয়াকৈ ইউক্ৰেইনৰ দ্বিতীয় বৃহত চহৰ খাৰকিভত ৰাছিয়াই চলোৱা ভয়ংকৰ আক্ৰমণত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০ গৰাকী লোক আহত হোৱাৰ খবৰ আহিছে।
শনিবাৰে পুৱা ড্ৰোনৰ জৰিয়তে ৰাছিয়াই এই আক্ৰমণ সংঘটিত কৰা বুলি ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগৰ পৰা জনোৱা হৈছে।
খাৰকিভৰ মেয়ৰ ইহ’ৰ টেৰেখভে টেলিগ্ৰাম মেছেজিং এপত কয়, ‘নিশা শ্বেভচেংকিভস্কি জিলাত চলোৱা আক্ৰমণত এইপৰ্যন্ত ৬ জন লোক নিহত হোৱাৰ লগতে ১০ জন আহত হয়। এই আক্ৰমণত কমেও ৯টা ওখ অট্টালিকা, তিনিটা ছাত্ৰাবাস, কেইবাটাও প্ৰশাসনিক অট্টালিকা, এখন দোকান, এটা পেট্ৰ’ল পাম্প, এটা চাৰ্ভিচ ষ্টেচন আৰু গাড়ীৰ ক্ষতিসাধন হয়’।
উল্লেখ্য যে, ইউক্ৰেইনৰ উত্তৰ-পূবৰ খাৰকিভত ৰাছিয়াৰ সঘনাই লক্ষ্য হৈ আহিছে আৰু যোৱা কেইসপ্তাহমানৰ পৰা আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। বুধবাৰেও চহৰখনত ড্ৰ’ন আক্ৰমণ সংঘটিত কৰিছিল য’ত চাৰিজন লোক নিহত হোৱাৰ লগতে এপাৰ্টমেণ্ট ব্লকসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।