ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বৰ কৰ্কট ৰাজধানী হিচাপে পৰিগণিত ভাৰতবৰ্ষ। THE LANCET JOURNALত প্ৰকাশ ভয়ংকৰ তথ্য

0 314

THE LANCET JOURNALত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। “বিশ্বৰ কৰ্কট ৰাজধানী”লৈ পৰিণত হৈছে ভাৰতবৰ্ষ। প্ৰতি বছৰেই এই ৰোগত লাখ লাখ লোক আক্ৰান্ত হয়।চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এই ৰোগ নিৰাময় চিকিৎসাগতভাৱে সহজ হৈ পৰিল।কিন্তু এই ৰোগ ব্যয়বহুল হোৱা বাবে সাধাৰণ লোকৰ বাবে ই দূৰাৰোগ্য ৰোগ।

এক তথ্য অনুসৰি ২০২৫ চনলৈ এই ৰোগ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা কৰা হৈছে। THE LANCET JOURNAL  নামৰ এখন আলোচনীত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য।

২০২০ চনত ভাৰতবৰ্ষত প্ৰায় ১২ লাখ লোক আক্ৰান্ত হৈছিল এই ৰোগত।এই বৰ্ষত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ভাৰতবৰ্ষত অধিক বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.