বিৰাট কোহলী সন্দৰ্ভত মহান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ ডাঙৰ মন্তব্য
আই পি এলৰ চলিত ছিজনত সুন্দৰ ফৰ্মত থাকিলেও লেহেমীয়া ষ্ট্ৰাইক ৰেটৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী। কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে কোহলীক সমালোচনা কৰি থকাৰ মাজতে তেওঁৰ পক্ষত থিয় দিছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাই।
আগন্তুক বিশ্বকাপৰ বাবে ভাৰতীয় দলত কোহলীক দলত অন্তৰ্ভুক্ত কৰিব লাগে বুলি দাবী কৰি লাৰাই কয় যে ষ্ট্ৰাইক ৰেটতকৈ দলত তেওঁৰ উপস্থিতি বহুত ওপৰত।
উল্লেখ্য যে, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা মেচখনত কোহলীয়ে ৬৭টা বলত শতক অৰ্জন কৰিছিল যিটো ২০০৯ চনত মনীষ পাণ্ডেই অৰ্জন কৰা শতকৰ সৈতে আই পি এল ইতিহাসৰ আটাইতকৈ লেহেমীয়া গতিত অৰ্জন কৰা শতক।
লাৰাই কয়, ‘বেটিং ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰে ষ্ট্ৰাইক ৰেট আৰু অপেনিং বেটছমেন হিচাপে ১৩০-১৪০ ষ্ট্ৰাইক ৰেট বেয়া নহয়। কিন্তু যদি মিডল অৰ্ডাৰত বেটিং কৰে তেন্তে ১৫০ বা ১৬০ ষ্ট্ৰাইক ৰেটৰ সহায়ত বেটিং কৰিব পৰা সক্ষমতা থাকিব লাগিব। চলিত আই পি এলত দেখা গৈছে যে একোজন বেটছমেনে শেষৰ কেইটা অভাৰত ২০০ ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰি আছে’।
‘কোহলীৰ দৰে অপেনিং বেটছমেনে সাধাৰণতে ১৩০ ষ্ট্ৰাইক ৰেটৰ সহায়ত নিজৰ ইনিংছ আৰম্ভণি কৰে আৰু পিছত ১৬০ ষ্ট্ৰাইক ৰেটৰ সহায়ত নিজৰ ইনিংছ সমাপ্ত কৰাৰ সুবিধা থাকে’, এইদৰেও কয় লাৰাই।
ইফালে টি-২০ বিশ্বকাপত ভাৰতৰ অপেনিং যুটী সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লাৰাই। তেওঁ কয় যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে অপেনিং কৰিলে সেয়া আকৰ্ষণীয় হ’ব। অৱশ্যে অপেনিং যুটীত অভিজ্ঞ এজনৰ লগত এজন যুৱ বেটছমেন আহিব লাগে আৰু ৰোহিত বা বিৰাটৰ মাজৰ পৰা এজনে মিডল অৰ্ডাৰত বেটিং কৰি দলক সুস্থিৰতা প্ৰদান কৰিব লাগে।
তেওঁ লগতে কোহলী আৰু ৰোহিতৰ মাজত এজনক অপেনিং আৰু আনজনক তৃতীয় ক্ৰমত ব্যৱহাৰ কৰিলেহেতেন বুলিও মন্তব্য কৰে।
উল্লেখ্য যে, আই পি এলৰ চলিত ছিজনত আৰ চি বিৰ হৈ খেলা বিৰাট কোহলীয়ে এইপৰ্যন্ত ৫ খন খেলত ১৪৬.২৯ ষ্ট্ৰাইক ৰেটৰ সহায়ত ৩১৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত শীৰ্ষ স্থানত আছে।