নিয়ম উলংঘা; ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক জৰিমনা
আই পি এলৰ চলিত সংস্কৰণৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থানত থকা ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক ১২ লাখ টকাৰ জৰমিনা বিহা হৈছে। বুধবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে হৈ যোৱা মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক এই জৰিমনা বিহা হৈছে।
শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে বুধবাৰে অন্তিম বলত অতি ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। তিনি উইকেটত পৰাস্ত কৰি ৰাজস্থান ৰয়েলছৰ একেৰাহে চাৰিখন মেচৰ জয়ৰ ধাৰাৰ অন্ত পেলাই গুজৰাটে।
আই পি এলৰ এক বিবৃতিত কোৱা হৈছে যে, ১০ এপ্ৰিলত জয়পুৰৰ ছাৱাই মান সিং ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে হৈ যোৱা মেচখনত ৰাজস্থান ৰয়েলছৰ শ্ল’ অভাৰ ৰেটৰ বাবে অধিনায়ক সঞ্জু ছেমছনক জৰিমনা বিহা হৈছে।
উল্লেখ্য যে, আই পি এলৰ চলিত ছিজনত আচৰণ বিধি উলংঘা কৰা ৰাজস্থান ৰয়েলছৰ এয়া প্ৰথমটো ঘটনা সেয়ে ছেমছনক ১২ লাখ টকা জৰিমনা বিহা হৈছে।