ISHAN NEWS – Always One Step Ahead of Time…

IPL : বেটছমেনক সৰ্বাধিকবাৰ শূন্যতে পেভেলিয়নমুখী কৰা ৫ জন বলাৰ, নাম নাই বুমৰাহৰ

0 1,183

আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ শূন্যত আউট হোৱা বেটছমেন কেইজন হৈছে ৰোহিত শৰ্মা, দীনেশ কাৰ্তিক আৰু গ্লেন মেক্সৱেল। এই তিনিজন বেটছমেনৰ নামত আছে ১৭-১৭ বাৰ শূন্যত আউট হোৱাৰ লজ্জাজনক অভিলেখ।

কিন্তু আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ শূন্যতে বেটছমেনক আউট কৰা বলাৰজন কোন সেয়া আপুনি জানেনে? জানো আহক আই পি এলৰ ইতিহাসত সৰ্বাধিক বেটছমেনক শূন্যত আউট কৰা শীৰ্ষ ৫ গৰাকী বলাৰৰ নাম।

এই তালিকাত প্ৰথম স্থানত আছে লাছিথ মালিংগা। আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা লাছিথ মালিংগাই সৰ্বাধিক ৩৬ জন বেটছমেনক শূন্যতে আউট কৰে।

ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে ভাৰতীয় বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰ। ভুৱনেশ্বৰ কুমাৰে ২৯ বাৰ শূন্যত বেটছমেনক আউট কৰিছে। ইয়াৰ উপৰি ভুৱনেশ্বৰ কুমাৰ হৈছে একেৰাহে ২টা ছিজনত পাৰ্পল কেপ লাভ কৰা একমাত্ৰ ভাৰতীয় বলাৰ।

একে সময়তে এই তালিকাৰ তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ বেগী বলাৰ ট্ৰেণ্ট ব’ল্ট। আই পি এলৰ ইতিহাসত ট্ৰেণ্ট ব’ল্টে ৯৩খন মেচত ২৬ জন বেটছমেনক শূন্যত আউট কৰিছে।

এই তালিকাৰ চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ, গুজৰাট লায়ন্স আৰু চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা ডোৱাইন ব্ৰাভো। আই পি এলৰ ইতিহাসত ব্ৰাভোৱে ২৪ জন বেটছমেনক শূন্যত আউট কৰিছিল।

ইয়াৰ পিছত আছে ভাৰতীয় বেগী বলাৰ উমেশ যাদৱ। আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, দিল্লী কেপিটেলছ আৰু গুজৰাট টাইটানছৰ হৈ খেলা উমেশ যাদৱে এতিয়ালৈকে ২৩ জন বেটছমেনক শূন্যত আউট কৰিছে।

Leave A Reply

Your email address will not be published.