ISHAN NEWS – Always One Step Ahead of Time…

ইৰাণ-ইজৰাইলৰ যুদ্ধ আৰম্ভ! কি প্ৰভাৱ পৰিব ভাৰতত

0 299

পুনৰ হ’ব নেকি বিশ্বযুদ্ধ। এতিয়া তৃতীয় বিশ্বযুদ্ধৰ আশংকা বিশ্ববাসীৰ। কিয়নো মধ্যপ্ৰাচ্যত পুনৰ বাজিছে যুদ্ধৰ দামামা। এইবাৰ ইজৰাইলৰ ওপৰত আক্ৰমণ চলালে ইৰাণে। বেলেষ্টিক মিছাইল আৰু ড্ৰোণৰে ইজৰাইলৰ ওপৰত ধাৰাসাৰ আক্ৰমণ কৰিছে ইৰানে। ৩০০ মিছাইল আৰু ড্ৰোণেৰে ইৰাণে আক্ৰমণ কৰিছে ইজৰাইলত। কোনো দেশে এই যুদ্ধত মাজত হস্তক্ষেপ কৰিলে সেই দেশৰ ওপৰতো আক্ৰমণ চলোৱাৰ হুংকাৰ ইৰাণৰ। শেহতীয়া তথ্য অনুসৰি ইৰাণে ইজৰাইলৰ এখন জাহাজ কৰায়ত্ত কৰিছে। জাহাজখনত কেইবাজনো ভাৰতীয় নাৱিক থকাৰো তথ্য লাভ কৰা গৈছে।

ইজৰাইলৰ কৰ্তৃপক্ষই ইতিমধ্যে ইৰাণৰ মিছাইল আৰু ড্ৰোণ আক্ৰমণৰ ভিডিঅ’ প্ৰকাশ কৰিছে। ইজৰাইলৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ পৰা নিক্ষেপ কৰা ৮০ শতাংশ বেলেষ্টিক মিছাইল আৰু ড্ৰোণ ধ্বংস কৰিছে ইজৰাইলে।

ইৰাণৰ এই কাণ্ডত এতিয়া সমগ্ৰ বিশ্বতে এক নতুন আশংকাই দেখা দিছে। কিয়নো, এই আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোলাৰ পূৰ্ণ সম্ভাৱনা আছে। এনে হ’লে বিশ্বৰ দেশসমূহ পুনৰ কেইবাটাও গোটত বিভক্ত হোৱাটো নিশ্চিত। আনহাতে ইৰাণ-ইজৰাইলৰ সাম্ভাব্য যুদ্ধৰ প্ৰভাৱ বিশ্বৰ অৰ্থনীতিতো পৰাৰ আশংকাই দেখা দিছে। এই যুদ্ধৰ ফলত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য, বিগত বৰ্ষৰ ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ যুদ্ধ অৱ্যাহত আছে। হামাছ উগ্ৰপন্থীক উৎখাত কৰাৰ লক্ষৰে ইজৰাইলে আৰম্ভ কৰা এই প্ৰত্যাক্ৰমণত ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে গাজা। আনহাতে হামাছৰ সমৰ্থনত আৰম্ভণিৰে পৰা মাত মাতি আহিছে ইৰাণৰ লগতে বিশ্বৰ মুছলিম দেশসমূহে। ইয়াৰ উপৰিও হুথী বিদ্ৰোহীয়ে ইজৰাইলক সমৰ্থন কৰা আন দেশসমূহৰ জাহাজৰ ওপৰতো ধাৰাবাহিকভাবে আক্ৰমণ চলাই আহিছে।

উল্লেখ্য, যোৱা বৃহস্পতিবাৰে ইৰাণৰ বিদেশ মন্ত্ৰী হোছেইন আমিৰবাডোহিয়ান বেইৰুতত উপস্থিত হৈ লেবাননৰ উচ্চপদস্থ বিষয়াৰ লগতে হামাছ আৰু পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠনৰ নেতাৰ সৈতে আলোচনাতো মিলিত হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ইৰাণৰ বিদেশ মন্ত্ৰীয়ে ইজৰাইলক ভাবুকি প্ৰদান কৰাও পৰিলক্ষিত হয়। যদি গাজাত ইজৰাইলে আক্ৰমণ বন্ধ নকৰে তেন্তে অন্য এক যুদ্ধও হ’ব পাৰে বুলিও মত প্ৰকাশ কৰিছিল। ইজৰাইলক একপ্ৰকাৰ  আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰাৰ পাছতেই ইৰাণে এই আক্ৰমণ সংঘটিত কৰে।

ইৰাণৰ এই প্ৰৰোচনামুলক আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব। হামাছৰ আক্ৰমণৰ পাছতে গাজাক সম্পূৰ্ণ ধ্বংস কৰি পেলোৱা ইজৰাইলে যে ইৰাণৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া নিশ্চিত।

Leave A Reply

Your email address will not be published.