ISHAN NEWS – Always One Step Ahead of Time…

টি-২০ ক্ৰিকেটত বিশেষ কৃতিত্ব মহম্মদ ৰিজৱানৰ; ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

0 3,785

পাকিস্তান দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে। ৰিজৱানে আন্তঃৰাষ্ট্ৰীয় টি-২০ত বিৰাট কোহলীৰ নামত থকা এক অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়।

শনিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ৰিজৱানে ৪৫ ৰানৰ ইনিংছ খেলি ইতিহাস ৰচিছে। এই বিশেষ কৃতিত্বটো হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ দ্ৰুত গতিত ৩ হাজাৰ ৰান সম্পূৰ্ণ কৰা।

উল্লেখ্য যে, ৰিজৱানৰ পূৰ্বে এই অভিলেখ যৌথভাৱে বিৰাট কোহলী আৰু বাবৰ আজমৰ নামত আছিল। এই দুয়োজন ক্ৰিকেটাৰে ৮১-৮১টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। কিন্তু মহম্মদ ৰিজৱানে মাত্ৰ ৭৯টা ইনিংছত এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক দ্ৰুত ৩০০০ ৰান সংগ্ৰহ কৰা শীৰ্ষ ৫ খেলুৱৈৰ তালিকা

মহম্মদ ৰিজৱান – ৭৯ ইনিংছ

বিৰাট কোহলী- ৮১

বাবৰ আজম – ৮১

এৰন ফিঞ্চ – ৯৮

মাৰ্টিন গুপটিল – ১০১

মহম্মদ ৰিজৱানৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

পাকিস্তান দলৰ ৩১ বছৰীয়া তাৰকা উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানে এতিয়ালৈকে মুঠ ৯২ খন টি-২০ মেচ খেলিছে, য’ত তেওঁ ৪৯.৬০ গড়ৰ সহায়ত ৭৯ ইনিংছত ৩০২৬ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ২৬টা অৰ্ধশতকৰ লগতে এটা শতক।

Leave A Reply

Your email address will not be published.