ISHAN NEWS – Always One Step Ahead of Time…

টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া সম্ভাব্য দল ঘোষণা ইৰফান পাঠানৰ

0 11,518

আই পি এলৰ পিছতে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত কোন কেইজন ভাৰতীয় ক্ৰিকেটাৰে স্থান লাভ কৰিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ ইৰফান পাঠানে ঘোষণা কৰিছে নিজৰ সম্ভাব্য ১৫ জনীয়া খেলুৱৈৰ তালিকা।
ষ্টাৰ স্পোৰ্টছৰ এক অনুষ্ঠানত ইৰফান পাঠানে ঘোষণা কৰা নিজৰ সম্ভাব্য দলটোত অপেনিং যুটী হিচাপে স্থান দিছে অধিনায়ক ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালক।
শুভমন গিলক মূল একাদশত স্থান দিয়া নাই যদিও তেওঁক ১৫ জনীয়া দলত নিৰ্বাচিত কৰিছে।
অৱধাৰিতভাৱে ৩ নম্বৰ স্থানত বিৰাট কোহলীক স্থান দিয়াৰ বিপৰীতে চতুৰ্থ স্থানত অগ্ৰাধিকাৰ দিছে সূৰ্ষকুমাৰ যাদৱক। আনহাতে ৫ নম্বৰ স্থানত উইকেটকীপাৰ বেটছমেন হিচাপে নিৰ্বাচিত কৰিছে ঋষভ পণ্টক।
লক্ষ্যণীয় কথাটো হ’ল ইৰফান পাঠানে বিশ্বকাপৰ দলত স্থান দিয়া নাই দ্বিতীয়জন উইকেটকীপাৰ বেটছমেনক। পাঠানৰ দলত স্থান নিশ্চিত নহ’ল কে এল ৰাহুল আৰু সঞ্জু ছেমছনৰ।
অলৰাউণ্ডাৰৰ ভূমিকাত পাঠানে ৰবীন্দ্ৰ জাদেজা, হাৰ্দিক পাণ্ডিয়া আৰু শিৱম ডুবেক নিৰ্বাচিত কৰাৰ বিপৰীতে ৰিংকু সিঙকো দলত স্থান দিছে।
স্পীনাৰৰ ৰূপত য়ুজবেন্দ্ৰ চাহাল আৰু কলদীপ যাদৱ পাঠানৰ পচন্দ। আনহাতে বেগী বলাৰ হিচাপে জশপ্ৰীত বুমৰাহ, মহম্মদ ছামী আৰু অৰ্শদীপ সিঙক নিৰ্বাচিত কৰিছে।
পাঠানে নিৰ্বাচিত কৰা দলটো এনেধৰণৰ
ৰোহিত শৰ্মা (অধিনায়ক), যশ্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, শিৱন ডুবে, ৰবীন্দ্ৰ জাদেজা, য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, অৰ্শদীপ সিং আৰু শুভমন গীল।

Leave A Reply

Your email address will not be published.