ISHAN NEWS – Always One Step Ahead of Time…

অলিম্পিকৰ পূৰ্বে নীৰজে মাত্ৰ ২ ছেণ্টিমিটাৰৰ বাবে হেৰুৱালে স্বৰ্ণ পদক

0 157

৯০ মিটাৰৰ দূৰত্ব অতিক্ৰম বা স্পৰ্শ কৰাত পুনৰবাৰ ব্যৰ্থ হ’ল অলিম্পিক তথা বিশ্ব চেম্পিয়ন নীৰজ চোপ্ৰা। ৯০ মিটাৰৰ লক্ষ্য লৈ ট্ৰেকত নামিছিল যদিও ৮৮.৩৬ মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি ডোহা ডাইমণ্ড লীগত দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল ভাৰতৰ ষ্টাৰ জেভলিন থ্ৰ’ৱাৰগৰাকী।

এই প্ৰতিযোগিতাখনত নীৰজে যোৱাবাৰ প্ৰথম স্থানত আছিল যদিও এইবাৰ মাত্ৰ ২ ছেণ্টিমিটাৰৰ বাবে স্বৰ্ণ জয়ত ব্যৰ্থ হয়। ৮৮.৩৮ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ জয় কৰে চেক গণৰাজ্যৰ অভিজ্ঞ জেকব ভাডলেজচে।

আনহাতে দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৬.৬২ মিটাৰ নিক্ষেপ কৰি তৃতীয় স্থান লাভ কৰে।

২৬ বছৰীয়া নীৰজে নিজৰ ষষ্ঠ প্ৰয়াসত ৮৮.৩৬ মিটাৰ দূৰত্ব নিক্ষেপ কৰে। ফাউলেৰে প্ৰতিযোগিতাখন আৰম্ভ কৰা নীৰজে দ্বিতীয় আৰু তৃতীয় থ্ৰ’ত ক্ৰমে ৮৪.৯৩ আৰু ৮৬.২৪ মিটাৰ দূৰত্ব নিক্ষেপ কৰে।

ইফালে এই প্ৰতিযোগিতাখনত অংশ লোৱা ভাৰতৰ দ্বিতীয়গৰাকী জেভলিন থ্ৰ’ৱাৰ কিশোৰ জেনাৰ অভিষেক নিৰাশাজনক হয়। তেওঁ তৃতীয় ৰাউণ্ডৰ পিছতে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। নৱম স্থানত থকা কিশোৰৰ শ্ৰেষ্ঠ প্ৰয়াস ৭৬.৩১ মিটাৰ দূৰত্ব।  

Leave A Reply

Your email address will not be published.