ISHAN NEWS – Always One Step Ahead of Time…

ক্ৰিকেটত বিদায় জনোৱাৰ ঘোষণা জেমছ এণ্ডাৰছনৰ; এই দলটোৰ বিৰুদ্ধে খেলিব অন্তিমখন টেষ্ট

0 384

ইংলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছনে শনিবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ১০ জুলাইৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত ইংলেণ্ডৰ হৈ অন্তিমবাৰৰ বাবে খেলপথাৰত নামিব এণ্ডাৰছনে।

৪১ বছৰীয়া বেগী বলাৰগৰাকীয়ে ব্যক্তিগত বিবৃতিৰ জৰিয়তে নিজৰ সিদ্ধান্তৰ বিষয়ে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডক অৱগত কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ ভাৰত ভ্ৰমণৰ সময়ত টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হয় এণ্ডাৰছন।

অৱসৰৰ কথা ঘোষণা কৰি এণ্ডাৰছনে কয় যে মই আপোনালোক সকলোকে ক’ব বিচাৰো যে চলিত বৰ্ষৰ জুলাই মাহত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া টেষ্টখনেই হ’ব মোৰ এই ফৰ্মেটত শেষ মেচ। ২০ বছৰ ধৰি মোৰ দেশৰ হৈ খেলাটো মোৰ বাবে এক আচৰিত যাত্ৰা।

ইয়াৰ উপৰি তেওঁক ক্ৰিকেটৰ এই বৰ্ণিল যাত্ৰাত সহায়-সহযোগ কৰা সকলোকে বিশেষভাৱে ধন্যবাদো জ্ঞাপন কৰে।

উল্লেখ্য যে, ২০০৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা কেৰিয়াৰত এণ্ডাৰছনে ইংলেণ্ডৰ হৈ ১৯৪খন এদিনীয়া আৰু ১৯খন টি-২০ মেচকে ধৰি ১৮৭খন টেষ্ট খেলিছে।

টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰি তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন স্পিনাৰ শ্বেন ৱাৰ্ণ (৭০৮) আৰু শ্ৰীলংকাৰ মুথিয়া মুৰলীধৰণ (৮০০)ৰ পিছত সৰ্বকালৰ সৰ্বাধিক উইকেট গ্ৰহণকাৰীৰ তালিকাত তৃতীয় স্থানত আছে। টেষ্টত সৰ্বাধিক উইকেট দখল কৰা বেগী বলাৰ এণ্ডাৰছন।

Leave A Reply

Your email address will not be published.