বানৰ সংহাৰী ৰূপ; এই পৰ্যন্ত ৩০০ৰো অধিক লোকৰ মৃত্যু! বৃহৎ আৰ্থিক লোকচান
প্ৰকৃতিৰ ৰোষত আফগানিস্তান। দেশখনত হঠাতে অহা বানৰ ফলত অতি কমেও ৩০০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দেশখনৰ উত্তৰ প্ৰান্ত।
শুকুৰবাৰে বাঘলান প্ৰদেশত বানপানীয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰাৰ লগতে এই অঞ্চলটোত কমেও ৫০ জন লোকৰ মৃত্যু হোৱা আৰু আন কেইবাখনো জিলাত সা-সম্পত্তি ধ্বংস হোৱা বুলি জনাই বিষয়াসকলে।
ইফালে চুবুৰীয়া তাখৰ প্ৰদেশত চৰকাৰী সংবাদ মাধ্যমে বানপানীৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।
তালিবান চৰকাৰৰ মুখ্য মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে, ‘এই ভয়াৱহ বানত শ-শ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু সংখ্যক লোক আহত হৈছে’।
মুজাহিদে বদাখছান, বাঘলান, ঘোৰ আৰু হেৰাট প্ৰদেশক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বুলি অভিহিত কৰে। তেওঁ কয় যে “ব্যাপক ধ্বংসলীলা”ৰ ফলত “যথেষ্ট আৰ্থিক লোকচান” হৈছে।