হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বি চি চি আইৰ
আই পি এল ২০২৪ ছিজনত মুম্বাই ইণ্ডিয়ানছ দলৰ অত্যন্ত নিৰাশাজনক প্ৰদৰ্শনৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বক লৈ ক্ৰিকেট মহলত উত্থাপন হৈছে প্ৰশ্ন। নেতৃত্বক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ মাজতে এইবাৰ বিচিচিআইয়ে পাণ্ডিয়াৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।
বিচিচিআইয়ে হাৰ্দিক পাণ্ডিয়াক আৰোপ কৰিছে নিষেধাজ্ঞা। বিচিচিআইয়ে হাৰ্দিক পাণ্ডিয়াক মেচ মাচুলৰ ৩০ শতাংশ জৰিমনা বিহাৰ লগতে আইপিএলৰ এখন মেচৰ পৰাও নিষেধাজ্ঞা আৰোপ কৰিছে।
আচলতে আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনা আৰু এখন মেচত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
কেৱল পাণ্ডিয়াই নহয় ইমপেক্ট খেলুৱৈকে ধৰি মুম্বাই ইণ্ডিয়ানৰ প্লেইং ইলেভেনত থকা সকলো খেলুৱৈকে ১২ লাখ টকাকৈ বা তেওঁলোকৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।
উল্লেখ্য যে আই পি এল ২০২৪ ছিজনত তৃতীয়বাৰৰ বাবে শ্ল’ অভাৰ ৰেটৰ বাবে দোষী সাব্যস্ত হ’ল হাৰ্দিক পাণ্ডিয়া। এই ছিজনত মুম্বাই ইণ্ডিয়ানছ দল আৰু ইয়াৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ এইটো আছিল তৃতীয়টো অপৰাধ।
নিয়ম অনুসৰি যদি কোনো দলে তৃতীয়বাৰৰ বাবে এই দোষত দোষী সাব্যস্ত হয় তেন্তে অধিনায়কজনে ৩০ লাখ টকাৰ জৰিমনা আৰু এখন মেচ নিষেধাজ্ঞাৰ সন্মুখীন হয়।
স্মৰ্তব্য যে, এইবাৰৰ আই পি এল ছিজনত মুম্বাই ইণ্ডিয়ানছে ১৪ খন মেচৰ ১০ খনতেই পৰাস্ত হৈ পইণ্ট তালিকাৰ শেষৰ স্থানত থাকি ছিজনৰ সমাপ্তি ঘটায়।