বিশ্বকাপৰ পূৰ্বে আমেৰিকাই ৰচিলে ইতিহাস; তুলনামূলভাৱে শক্তিধৰ বাংলাদেশৰ লজ্জাজনক প্ৰদৰ্শন
আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে আয়োজক দেশ আমেৰিকাই ৰচিলে ইতিহাস। বিশ্বকাপৰ পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ জয়ী হৈ শৃংখলা দখলেৰে ইতিহাস ৰচিবলৈ সক্ষম হয় আমেৰিকাই।
বৃহস্পতিবাৰে প্ৰেয়ৰী বিউ ক্ৰিকেট কমপ্লেক্সত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন মেচত ৬ ৰানত জয়ী হয় আমেৰিকা। শৃংখলাৰ প্ৰথমখন মেচো বাংলাদেশে ৫ উইকেটত পৰাস্ত হৈছিল। ক্ৰমাগত দ্বিতীয়খন মেচত পৰাজয়ৰে আলহী দল বাংলাদেশে লজ্জাজনকভাৱে হেৰুৱালে শৃংখলা।
টি-২০ বিশ্বকাপৰ পূৰ্বে বাংলাদেশ দলৰ এই অপ্ৰত্যাশিত পৰাজয় তথা শোচনীয় প্ৰদৰ্শনৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে এছিয়াৰ দলটো।
বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা শৃংখলাৰ দ্বিতীয়খন মেচত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। আমেৰিকাই নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল মাত্ৰ ১৪৪ ৰান। বাংলাদেশৰ হৈ মুস্তাফিজুৰ, শ্বৰীফুল আৰু ৰিছাদ হুছেইনে লাভ কৰিছিল দুটাকৈ উইকেট।
কিন্তু তুলনামূলকভাৱে কম শক্তিধৰ আমেৰিকাৰ বলিং লাইনআপৰ সন্মুখত অসহায় হৈ পৰা দেখা যায় বাংলাদেশৰ বেটিং লাইনআপ। ১ ৰানতে হেৰুৱাই নিজৰ প্ৰথমটো উইকেট। কোনো এজন বেটছমেনেই আমেৰিকাৰ বলিং লাইনআপৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰি ১৯.৩ অভাৰত ১৩৮ ৰান সংগ্ৰহ কৰি অলআউট হয়।
বাংলাদেশৰ হৈ অধিনায়ক নাজমুল হুছেইন চান্তোৱে ৩৬ আৰু ছাকিব আল হাছানে ৩০ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে আমেৰিকাৰ আলী খানে ৩টা, সৌৰভ নেত্ৰভালকাৰ আৰু চেডলি ভাল স্কৱালৱিকেই ২টাকৈ উইকেট দখল কৰি ঐতিসাহিক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।