ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ সৈতে আমেৰিকালৈ ৰাওনা নহ’ল বিৰাট কোহলী!

0 6,175

অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দলটোৰ একাংশ সদস্য শনিবাৰে আমেৰিকালৈ ৰাওনা হয়। মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহকে ধৰি আন কেইবাগৰাকীও ক্ৰিকেটাৰক আমেৰিকালৈ ৰাওনা হোৱা দেখা যায়।

অৱশ্যে বিশ্বকাপৰ বাবে ৰাওনা হোৱা দলটোৰ সৈতে বিৰাট কোহলীক দেখা পোৱা নগ’ল। নথি-পত্ৰৰ কিছু কাম আধৰুৱা হৈ থকা বাবে কোহলীয়ে এই দলটোৰ সৈতে যাত্ৰা কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, বিশ্বকাপৰ বাবে ৰাওনা হোৱা দলটো প্ৰথমে ডুবাইত উপস্থিত হ’ব আৰু তাৰ পৰা আমেৰিকালৈ উৰা মাৰিব।

ইফালে বিৰাট কোহলী অহা ৩০ মে’ত আমেৰিকাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। পলমকৈ উপস্থিত হ’ব কাৰণেই ১ জুনত বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া প্ৰস্তুতি মেচত অংশ ল’ব নোৱাৰিব কোহলী।

কোহলীৰ উপৰি ভাৰতীয় দলৰ উপ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াও প্ৰথম দলটোৰ সৈতে আমেৰিকালৈ ৰাওনা হোৱা নাই। জানিব পৰা মতে বৰ্তমান পাণ্ডিয়া লণ্ডনত আছে আৰু তাৰ পৰাই তেওঁ আমেৰিকালৈ ৰাওনা হ’ব।

উল্লেখ্য যে, ভাৰতে অহা ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে মেচৰ জৰিয়তে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ভাৰত ‘এ’ গ্ৰুপত আছে আৰু সেইটো গ্ৰুপত থকা আন আন দেশসমূহ হৈছে- আয়োজক দেশ আমেৰিকা, কানাডা আৰু পাকিস্তান।

Leave A Reply

Your email address will not be published.