ISHAN NEWS – Always One Step Ahead of Time…

হামাছৰ আক্ৰমণৰ পোতক ললে ইজৰাইলে! জ্বলাই দিলে শৰণাৰ্থীৰ শিবিৰ। ৩৫ জনৰ সৈতে ভয়ংকৰ ঘটনা।

0 168

গাজাত আক্ৰমণ নকৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আদালতে নিৰ্দেশ দিয়াৰ পিছতো চৰিত্ৰ সলনি হোৱা নাই ইজৰাইলৰ। এইবাৰ দক্ষিণ গাজাৰ ৰাফাৰ এটা শৰণাৰ্থী শিবিৰ জ্বলাই দিলে ইজৰাইলে। শৰণাৰ্থী শিবিৰত চলোৱা এয়াৰষ্ট্ৰাইকত ৩৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হৈছে। মৃতসকলৰ ভিতৰত অধিকাংশ মহিলা আৰু শিশু আছে। দেওবাৰে তেল আভিভৰ বাণিজ্যিক কেন্দ্ৰত ৮টা ৰকেটেৰে আক্ৰমণ চলাইছিল হামাছে। হামাছৰ আক্ৰমণৰ কেইটামান ঘণ্টাৰ পিছতে প্ৰতিশোধ ল’লে ইজৰাইলে।

শৰণাৰ্থী শিবিৰত ইজৰাইলে চলোৱা আক্ৰমণৰ পিছতে জাঙুৰ খাই উঠিছে হামাছ। ৰাফাত ইজৰাইলে চলোৱা নৰসংহাৰৰ বিৰুদ্ধে পেলেষ্টাইনীসকলক মাত মাতিবলৈ আহ্বান জনাইছে হামাছে। ইজৰাইলৰ আক্ৰমণৰ পিছতে ৱেষ্ট বেংক, জেৰুজালেমত থকা লোকসকলক ইজৰাইলৰ বিৰুদ্ধে থিয় হ’বলৈ আৰু ইজৰাইলৰ গণহত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

উল্লেখ্য যে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ইজৰাইল আৰু হামাছৰ মাজত সংঘটিত এই যুঁজত ৩৬০০০ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু ঘটিছে। গাজাৰ প্ৰায় ৮০ শতাংশ লোকে প্ৰাণৰ মমতাত নিজৰ গৃহ ত্যাগ কৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। ইয়াৰ সমান্তৰালভাৱে গাজাত ভয়াৱহ হৈ পৰিছে খাদ্য সংকট। দুদিন পূৰ্বেআন্তঃৰাষ্ট্ৰীয় আদালতে ইজৰাইলক ৰাফাত সৈন্য অভিযান বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

Leave A Reply

Your email address will not be published.