বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি।
আজিৰে পৰা মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা।পৰীক্ষাৰ বাবে বঙাইগাঁৱত ১৪৪ ধাৰা জাৰি। জিলাখনৰ বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ শালমাৰাৰ ডি পি মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা ৩জুন তাৰিখলৈ চলিব এই কম্পাৰ্টমেণ্টেল পৰীক্ষা।পৰীক্ষা কেন্দ্ৰসমূহত কোনোধৰণৰ খেলিমেলি নোহোৱাকৈ সুকলমে পৰীক্ষা চলাই নিয়াৰ বাবে বঙাইগাঁও জিলাৰ জিলা দণ্ডাধীশ নৱদ্বীপ পাঠকে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।উক্ত নিষেধাজ্ঞা অনুসৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষাগৃহলৈ মোবাইল ফোন ,আন কোনো ইলেক্ট্ৰনিক সামগ্ৰী বা কোনোধৰণৰ সন্দেহজনক সামগ্ৰী লৈ প্ৰৱেশ কৰিব নোৱাৰিব।পৰীক্ষাৰ্থী আৰু পৰীক্ষাগৃহৰ কৰ্তব্যত আইনসংগতভাৱে চৰকাৰ বা জিলা প্ৰশাসনৰ দ্বাৰা নিযুক্ত নকৰা অকৰ্তৃত্বশীল কোনো লোকে পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব।পৰীক্ষা কেন্দ্ৰৰ পঞ্চাশ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত ৫জন বা ততোধিক লোক সমবেত হ’ব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰৰ ওচৰত অনুভাষ যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব।আৰু পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কিতাপ বা বেগ লৈ প্ৰৱেশ কৰিব নোৱাৰিব।উক্ত নিষেধাজ্ঞা তৎকালীনভাৱে বলবৎ হ’ব।