ভূমিস্খলনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা এইখন দেশলৈ ১০ লাখ মাৰ্কিন ডলাৰৰ সহায় ভাৰতৰ
শেহতীয়াকৈ বিধ্বংসী ভূমিস্খলনত সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হোৱা পাপুয়া নিউ গিনিলৈ ভাৰতে ১০ লাখ মাৰ্কিন ডলাৰৰ তাৎক্ষণিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। বৈদেশিক মন্ত্ৰী ড০ এছ. জয়শংকৰে এই কথা জানিব দিয়ে।
উল্লেখ্য যে, ২৪ মে’ত দ্বীপ দেশ পাপুয়া নিউ গিনিৰ এংগা প্ৰদেশত সংঘটিত এক ভয়াৱহ ভূমিস্খলনত শ-শ লোকৰ মৃত্যু হৈছিল। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভূমিস্খলনত ২ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
এই দুৰ্যোগক লৈ গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে যে পাপুয়া নিউ গিনিৰ ভয়াৱহ ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুওৱা আৰু সা-সম্পত্তিৰ ক্ষয় ক্ষতি হোৱাত অত্যন্ত দুঃখিত। ক্ষতিগ্ৰস্ত পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনাইছো। ভাৰতে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সাজু।