ISHAN NEWS – Always One Step Ahead of Time…

‘নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ধোনী-শচীন’,….. মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে ৩০০০ৰো অধিক আবেদন

0 221

ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে লাভ কৰিছে ৩০০০ৰো অধিক আবেদন। এই পদৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ২৭ মে’।

টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল অন্ত পৰিব। ইয়াৰ পিছতেই ভাৰতে লাভ কৰিব নতুন প্ৰশিক্ষক।

আমোদজনক কথাটো হ’ল, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, এম এছ ধোনী আৰু শচীন তেণ্ডুলকাৰৰ দৰে ব্যক্তিয়েও ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আবেদন কৰিছে। অৱশ্যে প্ৰায়বোৰ আবেদন প্ৰাক্তন ক্ৰিকেটাৰ আৰু ৰাজনীতিবিদৰ ভুৱা নামেৰে আহিছে।

এখন জনপ্ৰিয় ইংৰাজী বাতৰি কাকতৰ তথ্য অনুসৰি বিচিচিআইয়ে তেণ্ডুলকাৰ, ধোনী, হৰভজন সিং, বীৰেন্দ্ৰ ছেহৱাগ আদি প্ৰাক্তন ক্ৰিকেটাৰৰ ভুৱা নামত আবেদন লাভ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰাজনীতিবিদসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা নামেৰে প্ৰশিক্ষকৰ পদৰ বাবেও আবেদন কৰিছে।

অৱশ্যে কোনো প্ৰকৃত প্ৰাৰ্থীয়েও আবেদন কৰিছে নে নাই সেই বিষয়ে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। উল্লেখ্য যে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে আগশাৰীৰ স্থানত আছে ভাৰতীয় প্ৰাক্তন অ’পেনাৰ গৌতম গম্ভীৰ।

Leave A Reply

Your email address will not be published.