ধ্যানত বহিল প্ৰধানমন্ত্ৰী মোদী। ৪৫ ঘণ্টীয়া ধ্যানত কি কৰিব, কি খাব?
নিৰ্বাচনী ফলাফলৰ পূৰ্বে ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কালি সন্ধিয়া ৬ বাজি ৪৫ মিনিটত তামিলনাডুৰ বিখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যান আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্বামী বিবেকানন্দই বহি ধ্যান কৰা শিলাস্মাৰকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যান সাধনা অব্যাহত ৰাখিছে।
৪৫ ঘণ্টীয়া এই ধ্যানৰ সময়ত তেওঁ তৰল আহাৰ গ্ৰহণ কৰিব। বিশেষকৈ নাৰিকলৰ পানী আৰু আংগুৰৰ ৰস সেৱন কৰিব। প্ৰকাশিত খবৰ অনুসৰি ধ্যানৰ এই সময়ছোৱাত তেওঁ মৌনব্ৰত পালন কৰিব।
মোদীৰ ধ্যানকালত শিলস্মাৰকটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২০০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে পৰ্যটকৰ বাবে শনিবাৰলৈ উপকূল অঞ্চল বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে তিৰুৱন্তপুৰমৰ পৰা হেলিকপ্টাৰেৰে কন্যাকুমাৰীত উপস্থিত হোৱাৰ পিচতে প্ৰথমে ভাগৱতী আম্মা মন্দিৰত পূজা কৰে৷ ধুতি আৰু বগা শ্ব’ল পৰিধান কৰি তেওঁ মন্দিৰত পূজা আগবঢ়ায় লগতে ‘গৰ্ভগ্ৰীহা’ পৰিক্ৰমা কৰে। পিছত ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত শ্বিপিং কৰ্পোৰেশ্যনৰ দ্বাৰা পৰিচালিত ফেৰীৰে শিলস্মাৰকত উপস্থিত হয় তেওঁ। অহা ১ জুনত প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যানভংগ কৰি প্ৰস্থান কৰাৰ পূৰ্বে স্মাৰকৰ কাষত থকা তিৰুভাল্লুভাৰৰ মূৰ্তি পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। এই শিলস্মাৰক আৰু ১৩৩ ফুটৰ তিৰুভাল্লুভাৰৰ মূৰ্তি দুয়োটা এটা সৰু দ্বীপৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ৷
১৮৯২ চনৰ শেষৰ ফালে সাগৰৰ মাজৰ এই শিলৰ ওপৰত ধ্যান কৰা স্বামী বিবেকানন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতুকে এই স্মাৰকটো নিৰ্মাণ কৰা হৈছিল ৷ লোকসভা নিৰ্বাচনৰ ভীষণ ব্যস্ততা তথা প্ৰচাৰ, ৰোড শ্ব’ আৰু ৰেলীৰ দৰে বহুতো ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণৰ পিছতে প্ৰতিবাৰৰ দৰে এইবাৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যান কৰিবলৈ মনস্থ কৰিছে।