ভাৰতৰ ৰাফেলৰ ভয়ত চীনে ছিকিমৰ সমীপত মোতায়েন কৰিলে জে-২০ যুদ্ধ বিমান
ভাৰতৰ সীমান্তৰ সমীপত চীনে মোতায়েন কৰিছে অতি উন্নত ষ্টিল্থ যুদ্ধ বিমান জে-২০। উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে মাত্ৰ দুদিন পূৰ্বে চীনে তিব্বতৰ শ্বিগাটছে বিমানঘাটিত জে-২০ যুদ্ধ বিমান মোতায়েন কৰিছে।
চীনে জে-২০ মোতায়েন কৰা বিমান ঘাটিটো ছিকিমৰ ওচৰত। কেৱল সেয়াই নহয় ভাৰতে ১৬খন ৰাফেল যুদ্ধ বিমান মাতোয়েন কৰা পশ্চিম বংগৰ পৰা কিছু দূৰৈত অৱস্থিত শ্বিগাটছে বিমানঘাটি।
এফালে চীনে জে-২০ প্ৰেৰণ কৰি টাইৱানক ভয় খুৱাইছে যদিও এতিয়া ভাৰতৰ সীমান্ততো হেঁচা বৃদ্ধি কৰাৰ চেষ্টা কৰিছে। চীনৰ এই কুৎসিত পদক্ষেপৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে তিব্বত সীমান্তৰ ওচৰত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম স্থাপন কৰিছে।
শেহতীয়াকৈ হোৱা জোৰদাৰ অনুশীলনৰ সময়ত চীনে এই জে-২০ যুঁজাৰু বিমানখন ব্যৱহাৰ কৰিছিল। প্ৰথমে টাইৱানত আৰু এতিয়া ভাৰতৰ সীমান্তৰ ওচৰত জে-২০ মোতায়েন কৰাটো কূটনৈতিক মহলত আলোচনাৰ বিষয় হৈ পৰিছে।