ISHAN NEWS – Always One Step Ahead of Time…

৩০০০ অশ্লীল ভিডিঅ’ত জড়িত যৌন কেলেংকাৰী গোচৰৰ অভিযুক্ত নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্নাক গ্ৰেপ্তাৰ।

0 215

অৱশেষত গ্ৰেপ্তাৰ হ’ল যৌন কেলেংকাৰী গোচৰত অভিযুক্ত জেডিএছৰ নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্না। ৩৫ দিনৰ পিছত জাৰ্মানীৰ বাৰ্লিনৰ পৰা উভতি আহি মাজ নিশা ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগে ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয়। যৌন কেলেংকাৰী ঘটনা পোহৰলৈ অহাৰ লগে লগে ২য় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত কূটনৈতিক পাছপ’ৰ্টৰ সহায়ত দেশ এৰি জাৰ্মানীলৈ পলায়ন কৰিছিল ৰেভান্নাই। নিশা প্ৰায় ১:৩০ বজাত বাংগালুৰু বিমানবন্দৰত বিমানখন অৱতৰণ কৰাৰ লগে লগে মহিলা অভিযানকাৰীৰ দলে ৰেভান্নাক গ্ৰেপ্তাৰ কৰি বাংগালুৰুৰ চি আই ডিৰ কাৰ্যালয়লৈ লৈ যায়। বাংগালুৰু বিমানবন্দৰৰ পৰা বিশেষ তদন্তকাৰী দলে তেওঁৰ দুটা ছুটকেছ জব্দ কৰিছে।
উল্লেখ্য যে, এইবাৰো জেডিএছে হাছানৰ পৰা প্ৰজ্বলক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল। নৰেন্দ্ৰ মোদীয়ে নিজেই ৰেভান্নাৰ হৈ চলাইছিল প্ৰচাৰ। তাৰ মাজতে জেডিএছৰ প্ৰাৰ্থীগৰাকীৰ যৌন কেলেংকাৰীৰ ভিডিঅ’ ফাদিল হয়। ২৬ এপ্ৰিলত কৰ্ণাটকত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ মাত্ৰ দুদিন পূৰ্বে প্ৰায় ৩০০০ “অশ্লীল ভিডিঅ’” ভাইৰেল হৈছিল। এই ভিডিঅ’বোৰত, ৰেভান্নাক মহিলাসকলক যৌন নিৰ্যাতন কৰা দেখা গৈছিল। ভুক্তভোগীসকলৰ ভিতৰত আছে দলীয় কৰ্মীৰ পৰা উচ্চ পদস্থ মহিলা বিষয়া। ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত, ৰেভান্নাৰ নিষ্ঠুৰতাৰ বলি হোৱা কেইবাজনো মহিলাই তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডি(এছ)ৰ চুপ্ৰেমো এইচডি দেৱগৌডাৰ নাতি প্ৰজ্বল ৰেভান্নাই তেওঁৰ সৈতে জড়িত “অশ্লীল ভিডিঅ’ ” মৰ্ফ কৰা বুলি অভিযোগ উত্থাপন কৰে। সাংসদগৰাকীয়ে ইতিমধ্যে এই সন্দৰ্ভতো এজাহাৰ দাখিল কৰিছে । আনহাতে, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে জেডিএছে যৌন কেলেংকাৰীৰ গোচৰত প্ৰজ্বল ৰেভান্নাক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি তেওঁক দলৰ পৰা নিলম্বিত কৰে।

Leave A Reply

Your email address will not be published.