ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপত বিৰাট কোহলীক এক বিশেষ ৰূপত চাব বিচাৰিছে গাংগুলীয়ে; পূৰণ হ’বনে ‘দাদা’ৰ ইচ্ছা?

0 935

২০২৪ চনৰ টি-২০ বিশ্বকাপ খেলিবলৈ আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হৈছে বিৰাট কোহলী। অৱশ্যে আজি বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অনুশীলন মেচখনত তেওঁ অংশ ল’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই।

উল্লেখ্য যে, গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ বাবে কিং কোহলীয়ে ভাৰতীয় দলৰ আন সদস্যৰ সৈতে একেলগে আমেৰিকাত উপস্থিত হোৱা নাছিল। তেওঁ কিছুদিন পলমকৈ যোগদান কৰিছে দলত।

অনুশীলন মেচত অংশ ল’ব নে নাই তাক লৈ চৰ্চা চলি থকাৰ মাজতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বিশ্বকাপত কোহলীক চাব বিচাৰিছে এক বিশেষ ৰূপত।

বিৰাট কোহলীয়ে ২০২৪ চনৰ আই পি এলত আৰ চি বিৰ হৈ যিদৰে ইনিংছ মুকলি কৰি দৰ্শনীয় বেটিং কৰিছিল ঠিক সেইদৰে ভাৰতৰ হৈও খেলাটো চাব বিচাৰিছে গাংগুলীয়ে।

ৰেভস্পোৰ্টজৰ প্ৰতিবেদন অনুসৰি গাংগুলীয়ে কয়, ‘মই বিৰাট কোহলীক এই টি-২০ বিশ্বকাপত অ’পেনিং কৰাটো বিচাৰো। মই বিচাৰো বিৰাটে আই পি এলত আৰ চি বিৰ হৈ বেটিং কৰাৰ দৰে বেটিং কৰক। তেওঁ স্বাধীনভাৱে বেটিং কৰিব লাগে। তেওঁ এজন মহান খেলুৱৈ।‘

উল্লেখ্য যে, ২০২৪ চনৰ আই পি এলত বিৰাট কোহলীয়ে আৰ চি বিৰ হৈ অপেনিং কৰি আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটৰ সহায়েৰে কেইবাটাও বিজয়ী ইনিংছ খেলিছিল। সদ্য সমাপ্ত ছিজনত তেওঁ আৰ চি বিৰ হৈ খেলা মুঠ ১৫খন মেচৰ ১৫ ইনিংছত ৬১.৭৫ গড়ে ৭৪১ ৰান কৰিবলৈ সক্ষম হয়।

এই সময়ছোৱাত তেওঁ ১টা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰে। আই পি এলৰ ১৭ সংখ্যক ছিজনত সৰ্বাধিক ৰান সংগ্ৰহ কৰা কোহলীয়ে অৰেঞ্জ কেপ লাভ কৰিছিল।

সৌৰভ গাংগুলীৰ দৰে আন বহু প্ৰাক্তন তাৰকাই বিৰাট কোহলীয়ে এইবাৰৰ বিশ্বকাপত অপেনিং কৰাটো বিচাৰিছে যদিও ভাৰতৰ দলীয় মেনেজমেণ্টে এই সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়া সময়তহে স্পষ্ট হৈ পৰিব।

Leave A Reply

Your email address will not be published.