ISHAN NEWS – Always One Step Ahead of Time…

দিল্লীত দুদিনৰ বাবে ড্ৰ’ন উৰুওৱাত নিষেধাজ্ঞা; ১৪৪ ধাৰা জাৰি

0 111

৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। শুকুৰবাৰে সন্ধিয়া শপতগ্ৰহণৰ তাৰিখ নিশ্চিত হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে দিল্লী আৰক্ষী।

শপতগ্ৰহণৰ নিৰাপত্তাৰ কথা মনত ৰাখি দিল্লী আৰক্ষীয়ে দুদিনৰ বাবে দিল্লীত ড্ৰ’ন উৰুওৱাত নিষিদ্ধ আৰোপ কৰিছে।

দিল্লী আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি দিল্লীত ২ দিনৰ বাবে ড্ৰ’ন, পেৰাগ্লাইডাৰ বা তেনেধৰণৰ যিকোনো বস্তু উৰুওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিষেধাজ্ঞা ৯ জুন আৰু ১০ জুনত প্ৰযোজ্য হ’ব।

ইয়াৰ উপৰি ১৪৪ ধাৰাও কাৰ্যকৰী কৰা হৈছে। এই নিৰ্দেশ দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই জাৰি কৰিছে।

অহা ৯ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণৰ বাবে বহু তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব আৰু ৰাষ্ট্ৰপতি ভৱনক সুৰক্ষা দিবলৈ অৰ্ধসামৰিক বাহিনীৰ পাঁচটা কোম্পানী, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষীৰ কমাণ্ডো (এন এছ জি), ড্ৰ’ন আৰু ‘স্নাইপাৰ’ক মোতায়েন কৰা হৈছে।

শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ছাৰ্ক (দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যন)ৰ সদস্য দেশৰ গণ্যমান্য ব্যক্তিসকলক আমন্ত্ৰণ জনোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী ‘হাই এলাৰ্ট’ত থাকিব বুলি বিষয়াসকলে জনায়।

অনুষ্ঠানৰ দিনা ৰাষ্ট্ৰপতি ভৱনৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ আশে-পাশে দিল্লী আৰক্ষীৰ ছোৱাট আৰু এন এছ জি কমাণ্ডো মোতায়েন কৰা হ’ব।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, যিহেতু এই অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত অনুষ্ঠিত হ’ব, সেয়েহে কমপ্লেক্সৰ ভিতৰত আৰু বাহিৰত তিনিটা স্তৰৰ নিৰাপত্তা থাকিব। ‘বাহ্যিক চক্ৰ’ত দিল্লী আৰক্ষীৰ জোৱান নিয়োগ কৰা হ’ব, তাৰ পিছত অৰ্ধসামৰিক বাহিনী আৰু ৰাষ্ট্ৰপতি ভৱনৰ আভ্যন্তৰীণ নিৰাপত্তাৰক্ষীক ‘ইনাৰ চাৰ্কল’ত নিয়োগ কৰা হ’ব।

Leave A Reply

Your email address will not be published.