নিকোলাছ পুৰাণে ভংগ কৰি ক্ৰিছ গেইলৰ অভিলেখ; ৱেষ্ট ইণ্ডিজৰ হৈ ৰচিলে ইতিহাস
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে নিকোলাছ পুৰাণ। তেওঁ ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব গঢ়ে।
বৃহস্পতিবাৰে ট্ৰিনিদাদৰ ব্রায়ান লাৰা ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা টি-২০ বিশ্বকাপ গ্ৰুপ চিৰ মেচখনত এই বৃহৎ কৃতিত্ব অর্জন কৰে বাওঁহতীয়া খেলুৱৈগৰাকীয়ে৷
গেইলে ৭৯খন মেচত ১৮৯৯ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ নামত আছে ২টা শতক আৰু ১৪টা অৰ্ধশতক।
এই মেচৰ পূৰ্বে ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰিবলৈ নিকোলাছ পুৰানক মাত্ৰ ২ ৰানৰ প্ৰয়োজন আছিল। তেওঁ বেটিং কৰিবলৈ আহিয়েই গেইলৰ অভিলেখ ভংগ কৰে। মেচখনত পুৰানে ১২টা বলত মাত্ৰ ১৭ ৰানহে কৰিবলৈ সক্ষম হৈছিল।
৯১ খন টি-২০ মেচত পুৰানে ২৫.৫২ গড়ৰ সহায়ত ১৯১৪ ৰান সংগ্ৰহ কৰিছে। আৰু ৮৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে টি-২০ মেচত ২০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন কেৰিবিয়ান বেটছমেন হিচাপেও পৰিগণিত হ’ব পুৰান।