ISHAN NEWS – Always One Step Ahead of Time…

হঠকাৰী সিদ্ধান্ত; ১০ লাখ কাউৰী নিধনৰ লক্ষ্য এইখন চৰকাৰৰ!

0 247

ভাৰতীয় মূলৰ লাখ-লাখ কাউৰীক নিধন কৰিবলৈ ওলাইছে কেনিয়া চৰকাৰে। এক ঘোষণা অনুসৰি ২০২৪ চনৰ শেষৰ ফালে অৰ্থাত অহা ছমাহত ১০ লাখ কাউৰী নিধন কৰাৰ বাবে চৰকাৰে এক পৰিকল্পনা প্ৰস্তুত কৰিছে।

কেনিয়াৰ বন্যপ্ৰাণী বিভাগে কয় যে কাউৰী তেওঁলোকৰ প্ৰাথমিক পৰিৱেশ তন্ত্ৰৰ অংশ নহয়। ভাৰতীয় মূলৰ কাউৰীক ‘আক্ৰমণাত্মক বিদেশী চৰাই’ বুলি অভিহিত কৰিছে বন্যপ্ৰাণী বিভাগে।

বিভাগটোৱে জনোৱা মতে, ভাৰতীয় মূলৰ এই কাউৰীয়ে দশক দশক ধৰি দেশখনৰ জনতাক অশান্তিৰ সৃষ্টি কৰাৰ লগতে স্থানীয় চৰাইবোৰক হত্যা কৰি আহিছে।

কেনিয়াৰ বন্যপ্ৰাণী কৰ্তৃপক্ষই কয় যে এই কাউৰীবোৰ পূব আফ্ৰিকাৰ স্থানীয় নহয় যদিও উপকূলীয় চহৰ মোম্বাছা, মালিণ্ডি, কিলিফি আৰু ৱাটামুত বিগত কেইবছৰমানৰ পৰা ইয়াৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

ইহঁতৰ বৃহৎ সংখ্যাৰ বাবে উদ্ভৱ হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ১০ লাখ কাউৰী নিধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

হোটেল উদ্যোগৰ প্ৰতিনিধি আৰু কাউৰী নিয়ন্ত্ৰণৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা কাউৰীয়ে হোটেল উদ্যোগলৈ অশনি সংকেত কঢ়িয়াই অনাৰ অভিযোগ তুলিছে বণ্যপ্ৰাণী কৰ্তৃপক্ষই।

কাউৰীৰ কাৰণে পৰ্যটকসকলে মুকলি আকাশৰ তলত বহি খাদ্যৰ সোৱাদ ল’ব পৰা নাই। এনে পৰিস্থিতিত হোটেল উদ্যোগৰ লগত জড়িত লোকসকলেও কাউৰীৰ ওপৰত অসন্তুষ্ট হৈছে আৰু ইয়াৰ ওপৰত নিয়ন্ত্ৰণৰ দাবী জনাইছে।

জনস্বাৰ্থৰ বাবে কেনিয়া বন্যপ্ৰাণী কৰ্তৃপক্ষই কাউৰী নিধন কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব দিয়ে।   

Leave A Reply

Your email address will not be published.