ISHAN NEWS – Always One Step Ahead of Time…

ঋষভ পন্তৰ বিশেষ কৃতিত্ব; ভংগ কৰিলে এডাম গিলক্ৰিষ্টৰ অভিলেখ

0 3,176

ভাৰতে জয়েৰে আৰম্ভ কৰিছে টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ অভিযান। বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতে ৪৭ ৰানত জয়ী হয়। ভাৰতে ছুপাৰ-৮ৰ দ্বিতীয়খন মেচ অহা ২২ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব।

কালিৰ মেচখনত সূৰ্যকুমাৰ যাদৱৰ অৰ্ধশতকীয় ইনিংছ আৰু বুমৰাহৰ তিনিটা উইকেটে আফগানিস্তানক পৰাস্ত কৰাত সহায়ক কৰে।

সূৰ্যকুমাৰ আৰু বুমৰাহৰ চমকপ্ৰদ প্ৰদৰ্শনৰ লগতে কালিৰ মেচখনত উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে এনে এক কৃতিত্ব গঢ়িবলৈ সক্ষম হয় যাৰ বাবে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে ক্ৰিকেট বিশ্বই।

উল্লেখ্য যে, চলিত বিশ্বকাপৰ চাৰিখন মেচত ১০টা কেচেৰে বিশেষ অভিলেখ গঢ়ে। টুৰ্ণামেণ্টৰ এটা সংস্কৰণত সৰ্বাধিক কেচ লোৱা উইকেটকীপাৰ হিচাপে পৰিগণিত হৈছে পন্ত। তেওঁ অতিক্ৰম কৰে এ বি ডি ভিলিয়াৰ্ছ, এডাম গিলক্ৰিষ্ট আৰু কামাৰ ছাংগাকাৰাৰ দৰে উইকেটকীপাৰক।

ইয়াৰ উপৰি এটা টি-২০ বিশ্বকাপত সৰ্বাধিক কেচ লোৱা উইকেটকীপাৰ হিচাপেও পৰিগণিত হয় পন্ত।

টি-২০ বিশ্বকাপৰ এটা সংস্কৰণত সৰ্বাধিক কেচ লোৱা উইকেটকীপাৰ

ঋষভ পন্ত- ১০টা কেচ (২০২৪*)

এডাম গিলক্ৰিষ্ট- ৯টা কেচ (২০০৭)

মেথিউ ৱেড- ৯টা কেচ (২০২১)

জছ বাটলাৰ- ৯টা কেচ (২০২২)

স্কচ এডৱাৰ্ডছ- ৯টা কেচ (২০২২)

দাছুন ছানাকা- ৯টা কেচ (২০২২)

উল্লেখ্য যে, ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ প্ৰায় ১৮ মাহ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটনা পন্তে চলিত টি-২০ বিশ্বকাপত বেটিঙৰ জৰিয়তেও সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আছে।

Leave A Reply

Your email address will not be published.