ISHAN NEWS – Always One Step Ahead of Time…

অকল ৰিয়ানেই নহয়, জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত আছে আন এজন অসমীয়া

0 18,358

৭৭ বছৰীয়া দীঘলীয়া প্ৰতিক্ষাৰ অন্তত অৱশেষত নিজৰ প্ৰতিভা আৰু ঘৰুৱা ক্ৰিকেটত দেখুওৱা উজ্বল প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ উৎফুল্লিত অসমবাসী।

ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান প্ৰথমগৰাকী অসম তথা উত্তৰ-পূবৰ ক্ৰিকেটাৰ। টি-২০ বিশ্বকাপৰ সমাপ্তিৰ পিছতেই জিম্বাবৱেত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত সুযোগ পাইছে ৰিয়ানে।

এগৰাকী অসম সন্তানক প্ৰথমবাৰৰ বাবে নীলা জাৰ্চিত দেখিবলৈ অধিৰ আগ্ৰহেৰে বাট চাই ৰোৱা অসমবাসীৰ বাবে আছে আন এক সুখবৰ।

জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতৰ এই দলটোত আছে আৰু এগৰাকী অসমীয়া। দলটোৰ সৈতে যাবলগীয়া সদস্যজন হৈছে শুভদ্বীপ ঘোষ। টি-২০ শৃংখলাটোৰ বাবে শুভদ্বীপ ঘোষক ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে।

উল্লেখ্য যে, অসমৰ হৈ ১৭ খন ৰঞ্জি মেচ খেলা শুভদ্বীপ ঘোষ সম্প্ৰতি দিল্লী কেপিটেলছৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত আছে। ১৯৬৮ চনত ডিগবৈত জন্মগ্ৰহণ কৰা শুভদ্বীপ ঘোষে ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলৰ ফিল্ডিং প্ৰশিক্ষকৰূপেও দায়িত্ব পালন কৰিছিল।

ফিল্ডিং প্ৰশিক্ষকৰূপে অভিজ্ঞ শুভদ্বীপ ঘোষে অৱশেষত ভাৰতীয় জাতীয় পুৰুষ দলৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাত গৌৰৱান্বিত অসমৰ ক্ৰীড়াপ্ৰেমী।

Leave A Reply

Your email address will not be published.