ISHAN NEWS – Always One Step Ahead of Time…

নেপালত বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; মৃত্যুক সাৱটিলে ১৪ জন লোকে

0 125

প্ৰকৃতিৰ ৰোষত পুনৰবাৰ নেপাল। প্ৰকৃতিয়ে চলোৱা তাণ্ডৱত প্ৰতি বছৰে আৰ্থিকভাৱে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈ অহা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত এইবাৰো প্ৰচণ্ড বৰষুণে লৈছে ভয়াৱহ ৰূপ।  

ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত দেশখনত এইপৰ্যন্ত ১৪ গৰাকী লোকৰ মৃত্যু ঘটিছে। আনহাতে শ-শ লোক ঘৰ-বাৰী হেৰুৱাই নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে।

নেপালৰ দুৰ্যোগ প্ৰশমণ বিভাগে জানিব দিয়া অনুসৰি বিগত কিছুদিনৰ পৰা দেশখনৰ বিভিন্ন অঞ্চলত হৈছে প্ৰচুৰ বৰষুণ। ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৮ জন ভূমিস্খলন আৰু ৫ জন ব্ৰজপাতৰ ফলত মৃত্যুক আকোৱালি লৈছে। আনহাতে বানে প্ৰাণ লৈছে এজনৰ।

ভূমিস্খলনৰ ফলত এতিয়াও দুজন লোক সন্ধানহীন হৈ থকাৰ বিপৰীতে ১০জন লোক গুৰুতৰভাৱে আহত হৈছে। নেপালৰ গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ১৭ দিনত ২৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ বাবেই ৩৩খন জিলা ক্ষতিগ্ৰস্ত হৈছে, য’ত ১৪৭টা ঘটনা সংঘটিত হৈছে।

বজ্ৰপাতৰ ফলত ১৩ জন লোকৰ মৃত্যু। আনহাতে ১৪ জন লোকে ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱাইছে।

দেশখনৰ দুৰ্যোগ প্ৰশমণৰ মুখপাত্ৰ দীজনে জনোৱা মতে, ২৬ জুনত মুঠ ৪৪টা ঘটনা সংঘটিত হৈছে। সেই ঘটনাবোৰত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰে ৮ জন লোকৰ মৃত্যু হৈছিল ভূমিস্খলনৰ ফলত আৰু ৫ জন লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু হৈছিল। একে সময়তে বানপানীৰ ফলত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে।

Leave A Reply

Your email address will not be published.