ISHAN NEWS – Always One Step Ahead of Time…

এচামৰ পৰা ফুৰিবলৈ ও শান্তি নাই অসমৰ এগৰাকী বিধায়কৰ! ISHAN NEWS

0 205

https://fb.watch/t8PC_mpV8_

ৰাজ্যত অবৰ্ণনীয় বান পৰিস্থিতি। বিভিন্ন প্ৰান্তত সংঘটিত হৈছে বেদনাদায়ক ঘটনা। আনহাতে বানপানীৰ আওতা লৈ ৰাজনীতিৰ পথাৰতো শাসক, বিৰোধীৰ মাজত চলিছে সমালোচনাৰ ফেৰ। তাৰ মাজতে ছ’চিয়েল মিডিয়াত চৰ্চাত আহিল বিধায়ক জিতু গোস্বামীৰ পুত্ৰৰ উপনয়ন প্ৰসংগ। কথা বুলিলেই বতাহ। এটা ঘণ্টাৰ ভিতৰতে কোনোৱে কোৱা বা‌ চৰ্চা কৰা প্ৰসংগ টো ৰাজ্যজুৰি ভাইৰেল হ’ল। বিদেশ ভ্ৰমণলৈ যোৱা বিধায়কে উভতি আহি সংবাদমেল সম্বোধন কৰিবলগীয়া হ’ল। কাৰণ, চৰ্চা হ’ল যে- ‘ৰাজ্যত বানৰ ভয়ংকৰ ৰুপ,কিন্তু জনপ্ৰতিনিধিয়ে গৈ বিদেশৰ মাটিত পুত্ৰৰ উপনয়ন পাতিছে’


মূহূৰ্তৰ ভিতৰতে এই বিষয় বিধায়কগৰাকীৰ কাণতো পৰিলগৈ। নপৰিবনো কিয়? তেওঁ এজন জনপ্ৰতিনিধি। গতিকে তেওঁৰ প্ৰসংগই যেতিয়া চৰ্চা হৈছে সেয়ে উভতি আহিয়েই তেওঁ সংবাদমেল সম্বোধন কৰি দিলে ভ্ৰমণৰ বিৱৰণ।সংবাদমেলত বিধায়কগৰাকীয়ে কয় যে- ‘মই মোৰ ব্যক্তিগত কামত কম্বোডিয়ালৈহে গৈছিলো, থাইলেণ্ডলৈ যোৱা নাই। মোৰ সমষ্টিত এখন বৃহৎ ব্ৰাক্ষ্মণ সমাজ আছে, মই তেওঁলোকক লৈহে মোৰ পুত্ৰৰ উপনয়ন পাতিম। ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা ভুৱা খবৰে মোক কষ্ট দিছে’


বিধায়কগৰাকীয়ে শিৱসাগৰৰ‌ বিধায়ক অখিল গগৈকো কটাক্ষ কৰি কয়-
‘Destination উপনয়নক লৈ উৰা বাতৰি বিয়পোৱাসকল ডাঙৰ জ’কাৰ। অখিল গগৈয়ে Destination Flood উদযাপন কৰিছে । তেওঁ ২১ শতিকাৰ‌ আটাইতকৈ ডাঙৰ Political জ’কাৰ

সমষ্টিত উপস্থিত হৈয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈক উভতি ধৰিলে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে। উল্লেখযোগ্য যে সমষ্টিবাসীৰ বিপদৰ সময়ত জিতু গোস্বামীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ তুলিছিল বিধায়ক গগৈয়ে। অখিল গগৈয়েহে শিৱসাগৰৰ বানাক্ৰান্তৰ খবৰ লোৱাৰ সলনি কামপুৰৰ ২৪ টা বানাক্ৰান্ত পৰিয়ালৰ খবৰ ল’বলৈ আহিছে বুলিও মন্তব্য বিধায়ক গোস্বামীৰ। ‘মোৰ দুই পুত্ৰ ক্ৰমে- লণ্ডন আৰু ডেৰাডুনত থাকে’ পাটায়া বীচ্চত উপনয়ন পাতিবলৈ যোৱাৰ অপপ্ৰচাৰ চলাই একাংশ সংবাদ মাধ্যমে মোৰ ভাৱমূৰ্ত্তি ম্লান কৰাৰ চেষ্টা কৰিছে বুলিও মন্তব্য বিধায়কগৰাকীৰ। উল্লেখযোগ্য যে, বিধায়কগৰাকীয়ে ব্যক্তিগত কামত কম্বোডিয়ালৈ যোৱাৰ কথা উল্লেখ কৰি কয় সমষ্টিত বান অহাৰ খবৰ পোৱাৰ লগে লগে তেওঁ ভ্ৰমণসূচী বাতিল কৰি সমষ্টিলৈ ঘূৰি আহিছে।

Leave A Reply

Your email address will not be published.