ISHAN NEWS – Always One Step Ahead of Time…

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত ‘সম্পূৰ্ণতা অভিযান’

0 129

বাক্সা জিলা প্ৰশাসনে আজি জিলা সদৰ মুছলপুৰত ‘সম্পূৰ্ণতা অভিযান’ৰ শুভাৰম্ভণি কৰে। দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত বাক্সা জিলাওঁ অন্যতম।

সেয়েহে বাক্সাতো আৰম্ভ কৰা হৈছে এই অভিযান । অহা ৩০ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই সম্পূৰ্ণতা অভিযান আজি মুছলপুৰত প্ৰভাত ফেৰীৰে আৰম্ভ কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োই । তেওঁ বাক্সা জিলাখনক শিক্ষা, স্বাস্থ্যকে ধৰি সকলো দিশতে আগবঢ়াই নিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে ।

ইয়াৰ পিছতেই বৰমা মহাবিদ্যালয়ৰ সভাকক্ষত আশাকৰ্মী, অংগনাবাডী কৰ্মী, সখি, স্বাস্থ্যবিভাগৰ লগতে আত্মসহায়ক গোটৰ মহিলা সকলে খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰে ৷ আনহাতে এই সম্পূৰ্ণতা অভিযানত অংশ লৈ জিলা আয়ুক্ত কৃষ্ণা বৰুৱাই সম্পূৰ্ণতা অভিযানৰ মূল উদ্দেশ্য হৈছে উন্নয়নৰ সূচকসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ সফলতা লাভ কৰা বুলি উল্লেখ কৰি ৩০ চেপ্তেম্বৰৰ ভিতৰত বাক্সা জিলাত সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰে ।

আজিৰ এই সম্পূৰ্ণতা অভিযানত অংশগ্ৰহণ কৰে বিটিএডিৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে জিলাখনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.