অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিৱস পালন ।
বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব জনসংখ্যা দিবস পালন । ইয়াৰ উপলক্ষে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভা কক্ষত জিলা সমিতিৰ সংবাদ মেল সম্বোধন কৰি চৰকাৰক শীঘ্ৰে জনসংখ্যা নিয়ন্ত্ৰণ তথা কঠোৰ জনসংখ্যা আইন প্ৰণয়ন কৰাৰ বাবে দাবী জনাই ।ইয়াৰ পূৰ্বে মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে দেশৰ প্ৰধান মন্ত্ৰী লৈ প্ৰেৰণ কৰে ।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে জিলা অধ্যক্ষ অতুল বৰা,জিলা বৌদ্ধিক প্ৰমুখ লেলিন ডেকা, পৱন মা ন্যা, জাগীৰোড সমষ্টিৰ বৌদ্ধিক প্ৰমুখ জিতেন ডেকা,মহা সচিব ক্ৰমে কণেশ্বৰ কোঁৱৰ, ৰণদ্বীপ ডেকা আৰু ৰাজ্যিক সমিতিৰ সহ সংযোজক পুলিন কাকতি, সংযোজিকা কবিতা ডেকাৰ প্ৰমুখ্যে ভালে কেইগৰাকী আগশাৰী বিষয়-ববীয়া ।এই সন্দৰ্ভত মৰিগাঁও সাংবাদিক সন্থাৰ কাৰ্যলয়ত সংবাদ মেল সম্বোধন কৰি কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি এই সন্দৰ্ভত চৰকাৰে এখন কঠোৰ জনসংখ্যা আইন প্ৰণয়ন কৰিব বুলি আশাবাদী ।