নলবাৰীৰ কৈঠালকুছিত দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক দক্ষতা বিকাশ কৰ্মশালা আৰম্ভ
সংস্কৃত ভাষাৰ উন্নয়ন আৰু প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সৌজন্যত আজিৰে পৰা নলবাৰী জিলাৰ কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনত দহদিনীয়া সংস্কৃত বিদ্যাৰ্থীৰ বাবে আৱাসিক দক্ষতা বিকাশ কৰ্মশালা আৰম্ভ হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড: অৱনী কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে তিনি খন পতাকা উত্তোলন কৰে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ সভাপতি ভূদেৱ শৰ্মা, কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনতৰ প্ৰধান আচাৰ্য কনক পাঠক আৰু নলবাৰী জিলা লোকভাষা প্ৰচাৰ সমিতিৰ সভাপতি ড: জয়ন্ত শৰ্মাই ।
ইয়াৰ পিছতে নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দ্বীপজ্যোতি বৰপূজাৰীৰ তত্বাৱধানত শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাৰ পিছত শিৱিৰৰ দ্বাৰ উন্মোচন কৰে নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰে আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে কৈঠালকুছি শংকৰদেৱ বিদ্যা নিকেতনতৰ সভাপতি সুৰেন্দ্ৰ নাথ দাসে । বন্তি প্ৰজ্বলন কৰে কৈঠালকুছি ব্ৰাহ্মণ সমাজৰ মুখ্য উপদেষ্টা চাৰু চন্দ্ৰ ভাগৱতয়ে । লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় মহা সচিব ড: বিভূতি নাৰায়ণ ক’ৰে উদ্বোধন কৰা উক্ত কৰ্মশালাত নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ কুলপতি ড: প্ৰহ্লাদ ৰা জোশীয়ে মুখ্য অতিথি আৰু লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ ড: নিৰঞ্জন চাহুৱে বিশিষ্ট অতিথি হিচাপে অংশ লয় ।
প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে সমাজলৈ সংস্কৃত ভাষাৰ এটা সুকীয়া বাৰ্তা বহন কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে অহা ২৪ জুলাইত সামৰণি পৰিব উক্ত কৰ্মশালাৰ ।