তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ISHAN NEWS
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আজি প্ৰকাশ পালে ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰমসমূহ । অন্যহাতে অসমত এইবাৰ মুঠ ১১ লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব, লগতে APSC ৰ দৰে ADRE পৰীক্ষাতো থাকিব নিগেটিভ মাৰ্কিং।
ভূল উত্তৰৰ বাবে থাকিব ঋণাত্মক মাৰ্কিং । প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বিপৰীতে থাকিব এক চতুৰ্থাংশ ঋণাত্মক নম্বৰ । ইয়াৰ উপৰিও তৃতীয় বৰ্গৰ। লিখিত পৰীক্ষাত থাকিব ১৫০ টা বহু বিকল্পী প্ৰশ্ন অৰ্থাৎ MCQ। স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ বাবে থাকিব ১৫০ টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৭৫ । উল্লেখযোগ্য যে স্নাতক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৭৫। ৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটোত Social Studiesৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Knowledgeৰ পৰা আহিব ৩৫টা প্ৰশ্ন, Logical Reasoning and Mental Abilityৰ পৰা আহিব ২০টা প্ৰশ্ন, General Mathematicsৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Englishৰ পৰা আহিব ১০টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। আনহাতে, Reading Comprehension and English Languageৰ পৰা আহিব ২৫টা প্ৰশ্ন আৰু এই ২৫টা প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ২ নম্বৰকৈ থাকিব।
উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৫০। ৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’বলগা পৰীক্ষাটোত Social Studiesৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Knowledgeৰ পৰা আহিব ৩০টা প্ৰশ্ন, Logical Reasoning And Mental Abilityৰ পৰা আহিব ২০টা প্ৰশ্ন, General Mathematicsৰ পৰা আহিব ৩৫টা প্ৰশ্ন, General Englishৰ পৰা আহিব ৩৫টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। হাইস্কুল পৰ্যায়ৰ পদ (চালক)ৰ বাবে থাকিব মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৫০। ৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’বলগা পৰীক্ষাটোত Social Studiesৰ পৰা আহিব ২০টা প্ৰশ্ন, General Knowledgeৰ পৰা আহিব ৩০টা প্ৰশ্ন, Logical Reasoning And Mental Abilityৰ পৰা আহিব ২০টা প্ৰশ্ন, General Mathematicsৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Englishৰ পৰা আহিব ৩৫টা প্ৰশ্ন, Road Transportৰ পৰা আহিব ২০টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। পূৰ্বৰ তুলনাত এইবাৰৰ পৰীক্ষাসমুহ যথেষ্ঠ প্ৰত্যাহ্বানমূলক বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।
অন্যহাতে নিযুক্তিৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাৰ আন এক সবল খোজ। শিক্ষা বিভাগত মুঠ ৪১ গৰাকীক নিযুক্তিৰ পত্ৰ প্ৰদান । আনহাতে উচ্চ শিক্ষা বিভাগত ২২ গৰাকী সহঃ অধ্যাপক আৰু কাৰিকৰী শিক্ষা সঞ্চালকায়ৰ অধীনত ১২ গৰাকী প্ৰবক্তা নিযুক্তিৰ বিপৰীতে SCERT ৰ অধীনত মুঠ ৭ গৰাকী প্ৰবক্তা নিযুক্তি।