স্বাধীনতাৰ পিছত একেটা অলিম্পিকতে দুটা পদক লাভ কৰা প্ৰথমগৰাকী ২২ বছৰীয়া ভাৰতীয় খেলুৱৈ মনু ভাকৰ।
একেখন অলিম্পিকত দুটাকৈ পদক জয়ী ২২ বছৰীয়া ভাৰতীয় খেলুৱৈ মনু ভাকৰৰ।
ইতিহাস ৰচিলে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে, ব্ৰঞ্জৰ পদক জয় কৰি দেশলৈ যশস্যা কঢ়িয়াই আনিছে মনু ভাকৰে।
পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জনেৰে ইতিহাস ৰচিলে ২২ বছৰীয়া ভাৰতীয় শ্বুটাৰ মনু ভাকৰে। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল চালনা প্ৰতিযোগিতাৰ মিক্সড টীম ইভেন্টত শ্বুটাৰ সৰবজ্যোতৰ সৈতে মনুয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷
একেখন অলিম্পিকতে দুটাকৈ পদক দখল কৰি প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে অভিলেখ সৃষ্টি কৰিছে মনু ভাকৰে। ২৮ জুলাই অৰ্থাত দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। যি আছিল পেৰিছ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক। তাৰ পাছতে ৩ দিনৰ ভিতৰত ভাৰতলৈ দ্বিতীয়টো পদক আজুৰি আনিলে ভাকৰে। মনু ভাকৰ হৈছে প্ৰথমগৰাকী মহিলা শ্বুটাৰ যিয়ে অলিম্পিক পদক অৰ্জন কৰিছে। ৬-১০ পইণ্টৰ ব্যৱধানত জয়ী মনু আৰু সৰৱজ্যোৎ । কোৰিয়াৰ শ্বুটাৰ অহ য়ে জিন আৰু লি ৱুনহোক ১৬-১০ গ’লত পৰাস্ত কৰে।
ISSF বিশ্বকাপত সোণৰ পদক জয় কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ আছিল মনু ভাকাৰ। ইয়াৰ পূৰ্বে সুশীল কুমাৰ আৰু পি ভি সিন্ধুৱে দুটাকৈ পদক লাভ কৰিছিল যদিও এই পদকসমূহ পৃথক পৃথক অলিম্পিক প্ৰতিযোগীতাৰ পৰা অৰ্জিত আছিল।
১৯০০ চনৰ অলিম্পিকত এজন ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ নৰমান প্ৰিচাৰ্ডে ২০০ মিটাৰ স্পীড আৰু ২০০ মিটাৰ বাধা দৌৰত দুটা ৰূপৰ পদক অৰ্জন কৰিছিল, কিন্তু সেই কৃতিত্ব স্বাধীনতাৰ আগতে আছিল।