চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ। ১০ বছৰৰ পাছত চাকৰি এৰিলে প্ৰত্যেক মাহে পাব ১০ হাজাৰকৈ।
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে নতুন পেঞ্চন আঁচনি। কেবিনেট বৈঠকত লোৱা গৈছে এই ইউনিফাইড পেঞ্চন আঁচনি(UPS)ৰ সিদ্ধান্ত। এই আঁচনিৰ অধীনত যদি কোনো কৰ্মচাৰীয়ে নূন্যতম ২৫ বছৰ কাম কৰিছে তেন্তে অৱসৰৰ পূৰ্বে নিয়োগৰ শেষৰ ১২মাহৰ মূল দৰমহাৰ ৫০ শতাংশ পেঞ্চন হিচাপে দিয়া হ’ব। নতুন পেঞ্চন আঁচনিৰ উন্নতিৰ বাবে গঠন কৰা হৈছিল ড° সোমনাথ কমিটি। এই সমিতিখনে বিতং আলোচনাৰ অন্তত প্ৰতিবেদন দাখিল কৰে।
২৪ আগষ্ট অৰ্থাত শনিবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে তথ্য, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, কেবিনেট বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত ইউনিফাইড পেঞ্চন আঁচনিৰ বিষয়েও বিষদ ভাৱে আলোচনা কৰা হয়। পুৰণি পেঞ্চন আঁচনি কৰ্তন কৰি চাকৰিৰ পিছত সুবিধা হোৱাকৈ এই নতুন আঁচনি অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, বিৰোধীয়ে কেৱল পুৰণি পেঞ্চন আঁচনি (অ’পিএছ)ক লৈ ৰাজনীতি কৰি আহিছে। বিশ্বৰ অন্যান্য দেশসমূহত কি কি আঁচনি আছে সেয়া চোৱাৰ পিছত আৰু সকলো ৰাইজৰ সৈতে আলোচনা কৰাৰ পিছত এই কমিটীয়ে ইউনিফাইড পেঞ্চন আঁচনিৰ পৰামৰ্শ আগবঢ়ায়।
এই আচঁনিৰ অধীনত পেঞ্চনাৰসকলক ৫০ শতাংশ নিশ্চিত পেঞ্চন দিয়া হ’ব। অৱসৰৰ আগৰ ১২ মাহৰ গড় হ’ব মৌলিক দৰমহাৰ ৫০ শতাংশ। এই পেঞ্চন ২৫ বছৰৰ সেৱাৰ পিছতহে দিয়া হ’ব। NPSৰ সলনি চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিব।
কি হয় ইউনিফাইড পেঞ্চন আঁচনি (UPS)?
চৰকাৰে ঘোষণা কৰা ‘ইউনিফাইড পেঞ্চন আঁচনি’খন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ অধীনত ১০ বছৰ চৰকাৰী চাকৰি কৰিলে ১০ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব। ২৫ বছৰ কাম কৰাসকলক সম্পূৰ্ণ পেঞ্চন দিয়া হ’ব।