ISHAN NEWS – Always One Step Ahead of Time…

এফালে উপহাৰত পোৱা ট্ৰেক্টৰ ঘূৰাই লাগে গ্ৰাহকক আনফালে ডিলাৰক ঘূৰাই নালাগে ট্ৰেক্টৰ… ঘটনাটো কি???

0 242

উপহাৰৰ নামত ৰাইজে পালে ৰামঠগন। কোনে দিলে এই ৰামঠগন?

উপহাৰ কুপন খেলৰ উদ্বোধনীত বিচাৰিলে ৪খন ট্ৰেক্টৰ, ট্ৰেক্টৰ ক্ৰয় কৰাৰ নামত কৰা হ’ল এগ্ৰীমেন্ট। টিকট বিক্ৰি সম্পূৰ্ণ হোৱাৰ পাছত ১০/১২ দিন পিছত পুনৰ ডিলাৰক ঘূৰাই দিয়া হ’ল ট্ৰেক্টৰখন।

https://fb.watch/uptXlpjnuw


উপহাৰৰ নামত ৰাইজে পালে ৰামঠগনহে।
ৰাজ্যত কাঠফুলাৰ দৰে অবৈধভাৱে অনুষ্ঠিত হৈ থাকে উপহাৰ কুপনৰ খেল। উপহাৰ কুপন খেল এতিয়া জুৱা খেলত পৰিণত হোৱাও পৰিলক্ষিত হৈছে। ৰাইজক প্ৰলোভন দি ঠগি আছে একাংশ পৰিচালনা সমিতিয়ে। ৰাইজক প্ৰলোভন দি লুটি আছে ধন। কোটি কোটি টকাৰ উপহাৰেৰে ৰাইজক ৰামঠগন দিয়াৰো ঘটনা মাজে মাজে পোহৰলৈ আহে।


উপহাৰ কুপনৰ নামত ৰাইজক ৰামঠগন দিয়া ঘটনা পোহৰলৈ আহিছে দলগাঁৱত। দলগাঁৱৰ গদাইঝাৰস্থিত কহিনুৰ সংঘ আৰু লাইব্ৰেৰী গৃহ নিৰ্মাণৰ নামত অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ নামত ৰাইজক দিলে ৰামঠগন। উপহাৰ কুপন খেলৰ পুৰস্কাৰ লাভ কৰা বিজেতাক পুৰষ্কাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে উপহাৰ কুপনৰ নামত দিয়া ট্ৰেক্টৰৰ ডিলাৰকো ৰামঠগন দিয়াৰ অভিযোগ উত্থাপিত হৈছে।


উল্লেখ্য যে, দলগাঁৱৰ গদাইঝাৰস্থিত কহিনুৰ সংঘ আৰু পুথিভঁৰালৰ গৃহনিৰ্মাণৰ বাবে অনুষ্ঠিত কৰা হৈছিল উপহাৰ কুপন খেল। বিগত জুলাই মাহৰ ২৯ তাৰিখে অনুষ্ঠিত হৈছিল খেলখন। সেই উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে দিয়া এখন চাৰিচকীয়া বাহন লাভ কৰিছিল ওৰাঙৰ এগৰাকী মহিলাই । আনহাতে আন এজন ব্যক্তিয়ে লাভ কৰিছিল এখন ট্ৰেক্টৰ। কিন্তু উপহাৰ কুপন খেলৰ আজি এমাহ অতিক্ৰম কৰাৰ পিচতো বিজেতাই নাপালে পুৰস্কাৰ দুটা। ঘটনা সন্দৰ্ভত প্ৰথম পুৰস্কাৰ লাভ কৰা ব্যক্তিগৰাকীয়ে উপহাৰ কুপন খেলৰ পৰিচালনা সমিতিৰ বিৰূদ্ধে দলগাঁও আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ।

Leave A Reply

Your email address will not be published.