ISHAN NEWS – Always One Step Ahead of Time…

মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

0 198

প্ৰকৃতিপ্ৰেমী তথা দেশী-বিদেশী পৰ্যটকৰ বাবে সুখবৰ। ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ।


এখন জাননীযোগে এই কথা সদৰি কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই।

প্রকৃতিৰ অনুপম ৰম্যভূমি মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অসমৰ পর্যটন ক্ষেত্রৰ অন্যতম মূল আকর্ষণ। এই বৰ্ষৰ পৰ্যটন সংখ্যা যথেষ্ট বাঢ়িব আৰু জীৱ জন্তুৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাব আৰু এই বছৰৰ মানাহত পৰ্যটন আগমনে যথেষ্ট ভাল খবৰ লৈ আহিব বুলি জানিবলৈ দিয়ে।

জীপ ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে ঢেকীয়াপতীয়া, ঘোং আদিকে ধৰি জীৱ-জন্তুক মুক্ত বিচৰ কৰা দৃশ্য দেখিবলৈ পাব। বাঁহবাৰী বনাঞ্চলত দেখিব বন্যহস্তীৰ খেল-ধেমালি। প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান।

১ অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ সুবিধা লাভ কৰিব পৰ্যটকসকলে। বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছিল উদ্যানখন।
এই খবৰ লাভৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ সৈতে জড়িত ব্যক্তি আৰু পৰ্যটকসকল।

Leave A Reply

Your email address will not be published.